পৰিৱৰ্তন (দীপ সিংহ)

আজি পৰিৱৰ্তনে দেখোন সকলোতে গ্ৰাস কৰিছে,
কাৰ বাবে কিহৰ বাবে পৰিৱৰ্তন ?
সকলোৱে মেৰপেঁচত আজিৰ পৰিৱৰ্তন,
আজি দেখোন মোৰ অসম অন্ধকাৰৰ কৰাল গ্ৰাহত,
সকলোতে কেৱল দালালি, ঘোচখোৰ, এলেহুৱা মানুহ...
যাৰ বাবে মোৰ আইৰ পাতৰ ভাত
বিদেশিয়ে নিয়ে কাঢ়ি...
নালাগে মোক এনে পৰিৱৰ্তন৷
কিন্তু কৰিম কি ?
মই যে নিৰূপাই,
মোৰ হাত ভৰিবোৰ যে আজি কোঙা,
আই তোক কিদৰে উধাৰিম আজি,
আমিবোৰ যে এটা যন্ত্ৰ হ'লো
তোৰ সদায় শস্য শ্যামলা, জ্ঞান বিজ্ঞানেৰ জ্যোতি মই

পৰিৱৰ্তনে বিচাৰো আমি,
কিন্তু আমিযে নিৰূপাই..
মই জানো সকলোৰে পৰিৱৰ্তন হ'ব এদিন..
কিন্তু কেতিয়া ?
এনেকৈয়ে হৈ নেকি পৰিৱৰ্তন ?

পৰিৱৰ্তন, এইয়াই হয়তো পৰিৱৰ্তন ৷

ভাল হওক বা বেয়া হওক পৰিৱৰ্তন হ'বই,
আজি নতুবা কাইলৈ
নতুবা এবছৰৰ পিছত
নতুবা ...