মোৰ বিষয়ে থূলমূলকৈ আপোনাক জনালোঁ
নামঃ শ্ৰী দুৰ্লভ গগৈ
ঘৰঃ শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা প্ৰায় আঠ কিলো মিটাৰ ভিতৰৰ দোপনি গাঁৱত ৷
বয়স প্ৰায় ৪০ বছৰ ৷
শিক্ষাগত অৰ্হতাঃ স্নাতকোত্তৰ (অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL ৰ পৰা), কম্পিউটাৰ এপলিকেইশ্যনৰ স্নাতকোত্তৰ ডিপ্ল'মা (গুৱাহাটী বিশ্ববিদ্যালয়ৰ IDOL ৰ অধীনত), কম্পিউটাৰ প্ৰগ্ৰামিঙৰ বিশেষ পাঠ্যক্ৰম (বেচৰকাৰী প্ৰতিষ্ঠানৰ পৰা)
পেচা বৰ্তমানঃ ছফটৱেৰ বিকাশ
অতীতঃ ২০০৪ চনত দৈনিক জনমভূমিৰ যোৰহাটৰ কাৰ্যলয়ৰ প্ৰুফ শাখাত যোগদান, ২০০৫ ত তাৰ পৰা গুৱাহাটী কাৰ্য্যালয়লৈ বদলি ৷ ২০০৮ চনত ব্যক্তিগত কাৰণত চাকৰি ইস্তফা ৷
২০০৮ চনতে আকৌ অধুনালুপ্ত আজিৰ দৈনিক বাতৰিত যোগদান (মহানগৰীৰ সাংবাদিক হিচাপে)
২০১০ চনৰ জুন মাহৰ পৰা নিজাকৈ ছফটৱেৰ বিকাশৰ কামত মনোনিৱেশ ৷ তীব্ৰ আৰ্থিক নাটনিৰ মাজেৰে একেৰাহে প্ৰায় দুবছৰ নিৰন্তৰ পৰিশ্ৰমৰ অন্তত ২০১২ চনত গুৱাহাটীৰ প্ৰেছ ক্লাবত 'সহজ-সন্ধান অসমীয়া অভিধান' নামেৰে অসমীয়া ছফটৱেৰ অভিধান এখন আৰু লগতে www.assamesedictionary.com নামৰ এটা ৱেবছাইট মুকলি কৰোঁ ৷
২০১৪ চনত উক্ত অভিধান ছফটৱেৰটোৰ অধিক বিকাশ কৰি দ্বিভাষিক (অসমীয়া আৰু ইংৰাজী শব্দ চাব পৰা) কৰা হয় আৰু 'আদৰ্শ দ্বিভাষিক অভিধান' নাম দিয়া হয় ৷ ইয়াত অভিধানৰ উপৰিও ফকৰা-যোজনা, ছবি, ব্যাকৰণ, ভুল-শুদ্ধ শব্দৰ তালিকা, জীৱ-জন্তু, চৰাই-চিৰিকটি, সংক্ষিপ্ত শব্দ, বৈজ্ঞানিক নাম, বিশেষ দিনবোৰ, পিন ক'ড বা ডাকঘৰৰ নাম আদিবোৰ ভাগ ভাগকৈ চোৱাৰ সুবিধা আছে ৷
২০১৬ চনৰ ফেব্ৰুৱাৰি মাহত ৰোমানিয়াৰ এগৰাকী ছফটৱেৰ ইঞ্জিনীয়াৰৰ সহায়ত aadarxa bilingual dictionary নামৰ অতি উন্নত প্ৰযুক্তি কৌশলযুক্ত আৰু ১২০০০০ তকৈ বেছি শব্দ থকা এটা App (এপ) মুকলি কৰা হয় ৷ এই এপটো মুকলি কৰাৰ লগে লগে অশাতীত জনপ্ৰিয়তা লাভ কৰে আৰু মাত্ৰ এমাহৰ ভিতৰতে ভাৰতবৰ্ষ শীৰ্ষ এশটা paid app ৰ মাজত ৰেংকিং লাভ কৰিবলৈ সক্ষম হয় ৷ google play store আৰু iTunes ত উপলব্ধ এই এপটোত অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাৰ শব্দ চাব পাৰি ৷ হাজাৰ হাজাৰ শব্দৰ সৈ'তে ছবিও সংলগ্ন কৰা হৈছে ৷ মূল অভিধান offline যদিও ছবিবোৰ চাবৰ বাবে online থাকিব লগীয়া হয় ৷ animas name, birds name, abbreviations, law words, scientific name, vegetable name, fish, flower, fruit, insect, special dates ইত্যাদিবোৰ ভাগে ভাগে চাব পাৰি ৷





