নিশা কুটুম্ব (ছুৰমান আলী)

যৌনতাত বিভোৰ হে কামুক পুৰুষ !
মানৱতাক বলি দি কামনা- বাসনা
পূৰণত মত্ত হ'লা
বিচনা চাদৰৰ দৰেই ব্যৱহাৰ কৰিলা
শত সহস্ৰ নাৰী

এদল বনিতাই প্ৰতি নিশাই খুলি ৰাখে
ঘৰৰ দুৱাৰ খিৰিকীবোৰ
আৰু প্ৰতীক্ষাত ৰ'য় এচাম
দুষ্ট, কামুক পুৰুষৰ
লগতে সামান্য ধনত ভাড়া দিয়ে
নাৰী জীৱনৰ অকৃত্ৰিম যৌৱন

ভদ্র বনিতাৰ দৰেই পতিতাৰো
আছিল আত্মমৰ্য্যাদা,
এতিয়া দুষ্ট পুৰুষৰ স্পৰ্শত তাইৰ
প্ৰতিটো স্পন্দনে স্পন্দনে যৌনতাৰ গোন্ধ

এবাৰ কথা পাতিবৰ বৰ মন যায়
পতিতাৰ স'তে
শুনিবৰ মন যায় ব্যৰ্থ জীৱনৰ
কৰুণ আৰ্তনাদ

কি দুখ এজনী পতিতাৰ,
যৌন ক্ষুধা নে পেটৰ ক্ষুধা ?
নে অবিচাৰৰ বলি হৈ আঁকোৱালি লৈছে
যৌন বেহা ?

হে কামুক পুৰুষ !
বুজিলা যদি আপোন মাতৃ, ভগ্নী, কন্যা
কিম্বা পত্নীৰ সতীত্ব
নুবুজিলা কিয় পতিতাৰ আৰ্তনাদ ?

মৰম বিহীন যৌনতাত জানো
জুৰ পৰে হিয়া ?
হ'ব পাৰে পতিতা, তায়ো যে এজনী নাৰী !
যৌনতাৰ আঁৰে আঁৰে পতিতাৰো
হৃদয়ৰ কোঁহে কোঁহে নিৰৱধি জ্বলে
তুঁহ জুই একুৰা ৷