আঘোণ (কমল কুমাৰ বড়া)

বিস্তীৰ্ণ এখন পৃথিৱী
য'ত মাথোঁ সৃষ্টি হ'য় নতুনত্বৰ
হেঁপাহবোৰে আশাৰ ঘৰ সাজে
আশাবোৰ সোণোৱালী  আৰু.....
সপোনবোৰ পূৰ্ণতা
তাতেই সেউজীয়াবোৰ ওলমি ৰয় ৷

আঘোণ......
এতিয়া গৰ্ভধাৰণ কৰিছে,
বিশ্ব পৰিমণ্ডলৰ এক অনন্যা নাৰী
খ্যাতিৰ ওৰণি লৈ তাইও আহিল....
সকলোৰে দেহ চুই কুঁৱলী জনী ৷

আঘোণে আনি দিয়ে আশাৰ বতৰা
সৃষ্টিৰ সাৰ্থকতা যেন আঘোণৰ সোণালী পথাৰ দৰাই..
দাৱনিৰ কাচিত ধাৰ দিব হ'ল,
আঘোণ আহিল......
পুৰণিক পৰিহাৰ কৰি নতুন নতুনত্বৰে পৰিপুষ্ট হৈ পৰিল
এখন নতুন পৃথিৱী .......
সোণোৱালী পৃথিৱী ৷

ঠিকনাঃ ধেমাজি
দূৰভাষঃ ৯৭০৬৪৮৬৯৮১