অভিযান্ত্ৰিকতাৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই
কেতিয়াবা কবিতা লিখিছিলো,
এমুঠি বিষাদ ভৰা কবিতা
যাৰ প্ৰতিটো পংক্তিতেই আছিলা মাথো তুমি ।
তোমাৰ মোহনীয়তাক কবিতাৰ ৰূপ দিবলৈ
কিমান যে উজাগৰী নিশা হাতত কলম তুলি লৈছিলো ।
মাজনিশাৰ টোপনিকো একাষৰীয়া কৰি
তোমাৰ নামত লিখা কিছুমান টুকুৰা টুকুৰি শব্দৰে ভৰাই তুলিছিলো মোৰ ক্লাছমেট কপিৰ অনেক পৃষ্ঠা ।
তুমি জানানে ,
কবিতা কবিতা ভাবতেই যে মোৰ দিনটো আৰম্ভ হয় ।
আছলতে কি জানা,,,
আমাৰ জীৱনবোৰেই এটা কবিতা,
জীৱনৰ হাঁহি আনন্দ খিনি যদি কবিতাৰ এটা পংক্তি হয়,
তেন্তে আমাৰ দুখ চকুপানীবোৰ কবিতাৰ আন এটা পংক্তি হয়
ঠিক সিমানেই ।
সেইকাৰণেই মোৰ কবিতা ভাল লাগে,
জীৱনৰ জটিলতাকো কবিতাৰ শাৰীত তুলি দিব মন যায় ।
তোমাৰ বাৰু মনত আছেনে,
DIP campus ৰ Workshop Building ত যে তোমাক সুধিছিলো ,,,
'তুমি বাৰু কবিতা ভালপোৱানে ? কবিতাৰ পৃথিৱীক দুহাত মেলি আকোৱালি ল'বলৈ মন যায়নে তোমাৰ ?'
মই নিস্তব্ধতাৰ মাজতো জোনাক বিছাৰি পাইছিলো সেইদিনা,
যেতিয়া তুমি কৈছিলা,
কবিতা ভাল নাপালে হ'বনে, কবিতাইতো মোৰ জীৱন ৷
ঠিকনাঃ লখিমপুৰ