আজি আকৌ এপলক
চাই পঠিয়ালে তেওঁ
মোৰ বুকুৰ বকুল জোপালৈ ৷
এখন্তেক থমকি ৰ'ল উশাহ,
হৃদয়ৰ স্পন্দন ৷
নিস্তব্ধতা ভাঙি সোঁৱৰণৰ কোলাহল ৷
ৱাহঃ কি প্ৰশান্তি......
ভুল একেটাই বাৰে বাৰে কৰো,
বৰফৰ নদীত বহি ৰ'দৰ সপোন দেখো ৷
জোনাকৰ ৰাতিওচোন মোৰ সৰ্ব দিশে এন্ধাৰ,
উফঃ কি অশান্তি...
এযোৰ নীলা সপোনৰ পোছাক পিন্ধি
দুচকু মোৰ নিথৰ,
প্ৰেম কি এনেকুৱাই ?
আহঃ হুমুনিয়াহবোৰ কি
গধুৰ.......
ছেহঃ
বুজিওবা কিয় নুবুজো মই
জোনাকৰ পাছতেই যে থাকে এন্ধাৰ,
সেয়েহে চাগে নেদেখো মই কেতিয়াও
দিঠকৰ সু উজ্জল পোহৰ ৷
ঠিকনাঃ বালিকুছি (কাচিকাটা) নলবাৰী ৷
চাই পঠিয়ালে তেওঁ
মোৰ বুকুৰ বকুল জোপালৈ ৷
এখন্তেক থমকি ৰ'ল উশাহ,
হৃদয়ৰ স্পন্দন ৷
নিস্তব্ধতা ভাঙি সোঁৱৰণৰ কোলাহল ৷
ৱাহঃ কি প্ৰশান্তি......
ভুল একেটাই বাৰে বাৰে কৰো,
বৰফৰ নদীত বহি ৰ'দৰ সপোন দেখো ৷
জোনাকৰ ৰাতিওচোন মোৰ সৰ্ব দিশে এন্ধাৰ,
উফঃ কি অশান্তি...
এযোৰ নীলা সপোনৰ পোছাক পিন্ধি
দুচকু মোৰ নিথৰ,
প্ৰেম কি এনেকুৱাই ?
আহঃ হুমুনিয়াহবোৰ কি
গধুৰ.......
ছেহঃ
বুজিওবা কিয় নুবুজো মই
জোনাকৰ পাছতেই যে থাকে এন্ধাৰ,
সেয়েহে চাগে নেদেখো মই কেতিয়াও
দিঠকৰ সু উজ্জল পোহৰ ৷
ঠিকনাঃ বালিকুছি (কাচিকাটা) নলবাৰী ৷







