তোমাৰ স্মৃতিত (লিম্পী পাঠক)

জীৱনটো আজি বৰ অকলশৰীয়া
হাঁহিবোৰ লোকাই গ'ল ক'লা ডাৱৰৰ মাজত
ভাষাবোৰ হেৰাই গ'ল নীলা চিয়াহীৰ ফাকত
হৃদয়ত জ্বলিছে আজি তেজাল ঢৌৰ বিৰিঙনি
তোমাক লগপোৱাৰ হেঁপাহত
তথাপি তুমি যেন নাহা ঘূৰি
সেই অচিন দেশৰ পৰা
তোমাৰ জোনাকী কাৰেং হৈ পৰিল
আজি নিসংগতাৰ সংগী
এতিয়া মই হৃদয়হীন শৰীৰ
মাথোঁ জীয়াই আছো
নতুন সূৰুযৰ অপেক্ষাত
মাথোঁ আদৰ্শ হৈ ৰৈছো
সমূদ্ৰতীৰত ৰৈ থকা হাজাৰ
প্ৰেয়সীৰ দৃষ্টিত
সেই নৱ সূৰুযে জগাব
মাতাল ৰাতি শুই পৰা মানুহ জাকক
তাৰেই অপেক্ষাত জীয়াই আছো
মোৰ কলমৰ নীলা চিয়াহী মাজত

ঠিকনাঃ কাজিৰঙা