সৌ সিদিনাখন
সোণাৰু এজোপাই
আকাশৰ প্ৰেমিকা হোৱাৰ বাসনাৰে
সাজি উঠিছিল হালধীয়া হৈ,
মাজ নিশা এজাক তুমুল বৰষুণে
হিংসুক চাৱনিৰে দৌৰি আহি
সপোনবোৰ চাৰখাৰ কৰি থৈ গ'ল ৷
পিছদিনা পুৱা দেখিলো
সোণাৰুৰ দুচকুৰ পদূলিত উদাস চকুলো
আৰু হালধীয়াবোৰ
উচুপি আছে মাটিৰ বুকুত ৷
সেই বুলি সোণাৰুয়ে জানো
অনাগত সেউজীয়া ক্ষণবোৰত
হালধীয়া হোৱাৰ আশা এৰি দিব ?
নতুবা বুকুৰ ইচ্ছাবোৰক মৰহি যাবলে' দিব ?
সোণাৰুয়ে জানে
তাৰ হেঁপাহে কোনোদিন পাখি মেলি
নোৱাৰিব চুব
আকাশৰ বুকু
তথাপি অতীত বেদনা অনায়াসে মচি
সময়ৰ সোণোৱালী বাটত
তাই পুনৰ হালধীয়া হৈ উঠিব সাজি ৷
হয়তোবা সেইবাবে আমিও
জীৱন পথত আশাৰ মৰীচিকা খেদি
ক্লান্ত হৈ নিৰাশ হোৱাতকৈ
ৰুব লাগিব আশাৰ জীপাল কঠীয়া
অহৰ্নিশে বুকুৰ কেঁচা পলসুৱা মাটিত
অন্যথা জীৱনে আগুৱাবলে'
সাহস পাবনো ক'ৰ পৰা ?
সেয়ে আমি বুজিব লাগিব
আশা তথা সপোনবিনে
কেতিয়াও পৃথিৱীখন হৈ থকা নাই ধুনীয়া,
আহা এতিয়া আমি কওঁ একেলগে
'আশাবিহীন জীৱন
সুবাসহীন শিমলু মদাৰৰ উদাসী গান' ।
ঠিকনাঃ বইটামাৰী, বঙাইগাওঁ
ফোনঃ ৯৭০৬৬ ৯৪৮৯২
সোণাৰু এজোপাই
আকাশৰ প্ৰেমিকা হোৱাৰ বাসনাৰে
সাজি উঠিছিল হালধীয়া হৈ,
মাজ নিশা এজাক তুমুল বৰষুণে
হিংসুক চাৱনিৰে দৌৰি আহি
সপোনবোৰ চাৰখাৰ কৰি থৈ গ'ল ৷
পিছদিনা পুৱা দেখিলো
সোণাৰুৰ দুচকুৰ পদূলিত উদাস চকুলো
আৰু হালধীয়াবোৰ
উচুপি আছে মাটিৰ বুকুত ৷
সেই বুলি সোণাৰুয়ে জানো
অনাগত সেউজীয়া ক্ষণবোৰত
হালধীয়া হোৱাৰ আশা এৰি দিব ?
নতুবা বুকুৰ ইচ্ছাবোৰক মৰহি যাবলে' দিব ?
সোণাৰুয়ে জানে
তাৰ হেঁপাহে কোনোদিন পাখি মেলি
নোৱাৰিব চুব
আকাশৰ বুকু
তথাপি অতীত বেদনা অনায়াসে মচি
সময়ৰ সোণোৱালী বাটত
তাই পুনৰ হালধীয়া হৈ উঠিব সাজি ৷
হয়তোবা সেইবাবে আমিও
জীৱন পথত আশাৰ মৰীচিকা খেদি
ক্লান্ত হৈ নিৰাশ হোৱাতকৈ
ৰুব লাগিব আশাৰ জীপাল কঠীয়া
অহৰ্নিশে বুকুৰ কেঁচা পলসুৱা মাটিত
অন্যথা জীৱনে আগুৱাবলে'
সাহস পাবনো ক'ৰ পৰা ?
সেয়ে আমি বুজিব লাগিব
আশা তথা সপোনবিনে
কেতিয়াও পৃথিৱীখন হৈ থকা নাই ধুনীয়া,
আহা এতিয়া আমি কওঁ একেলগে
'আশাবিহীন জীৱন
সুবাসহীন শিমলু মদাৰৰ উদাসী গান' ।
ঠিকনাঃ বইটামাৰী, বঙাইগাওঁ
ফোনঃ ৯৭০৬৬ ৯৪৮৯২







