তাহানিতে এটা সপোন দেখিছিলোঁ
দিনত
কিন্তু আন্ধাৰত
আজিও দেখো সপোনটো
মাজে মাজে
দিনত
কিন্তু আন্ধাৰত
মোৰ সপোনটো
পোৰা মাছটোৰ দৰে
শনিলগা
হাতৰ পৰা ওলাই যায়
বাৰে বাৰে
আকৌ দেখো
ৰাতি দেখিলেও আন্ধাৰত
দিনতে দেখিলেও আন্ধাৰতে দেখো
টোপনিত দেখিলেও আন্ধাৰত
সাৰ পাই দেখিলেও আন্ধাৰতে দেখো
সপোন বোৰ ভ্ৰমি ফুৰে
কেতিয়াবা গছৰ তলত,
কেতিয়াবা মন্দিৰৰ সন্মুখত,
মছজিদৰ সন্মুখত
বা কেতিয়াবা দামী দামী জোতাৰ তলত
ফটা ঢোলটোৰ মাজত সোমাই থকা সপোনবোৰে
কেতিয়াবা চিঞৰিও উঠে
সপোনবোৰ দেখিবলৈ কিন্তু মই এৰি নিদিওঁ
আজিও দেখো
আন্ধাৰতে দেখো,
আন্ধাৰ আৰু পোহৰ
মোৰ বাবে একে
আন্ধাৰটো মই পোহৰ দেখো
কিন্তু মই সপোন দেখো ৷
ফোনঃ ৭৬৩৭৮৬৫৫৫২
দিনত
কিন্তু আন্ধাৰত
আজিও দেখো সপোনটো
মাজে মাজে
দিনত
কিন্তু আন্ধাৰত
মোৰ সপোনটো
পোৰা মাছটোৰ দৰে
শনিলগা
হাতৰ পৰা ওলাই যায়
বাৰে বাৰে
আকৌ দেখো
ৰাতি দেখিলেও আন্ধাৰত
দিনতে দেখিলেও আন্ধাৰতে দেখো
টোপনিত দেখিলেও আন্ধাৰত
সাৰ পাই দেখিলেও আন্ধাৰতে দেখো
সপোন বোৰ ভ্ৰমি ফুৰে
কেতিয়াবা গছৰ তলত,
কেতিয়াবা মন্দিৰৰ সন্মুখত,
মছজিদৰ সন্মুখত
বা কেতিয়াবা দামী দামী জোতাৰ তলত
ফটা ঢোলটোৰ মাজত সোমাই থকা সপোনবোৰে
কেতিয়াবা চিঞৰিও উঠে
সপোনবোৰ দেখিবলৈ কিন্তু মই এৰি নিদিওঁ
আজিও দেখো
আন্ধাৰতে দেখো,
আন্ধাৰ আৰু পোহৰ
মোৰ বাবে একে
আন্ধাৰটো মই পোহৰ দেখো
কিন্তু মই সপোন দেখো ৷
ফোনঃ ৭৬৩৭৮৬৫৫৫২







