কৃষকৰ হাড় ভগা পৰিশ্ৰমৰ অন্তিম ক্ষণ
অতি আগ্ৰহৰে সোনগুটি বুটলাৰ মৰমকণ
কেঁচা নিয়ৰ সনা মুকুতা যেন সুগন্ধিৰ সুবাস
কি সুন্দৰ চকুজৰুৱা চাৰিও ধাননী
আস ! আস !
পকে মানে টুনি- ফৰিঙৰ মৰণ- চৰণ
অধিক মাছত বগলী কণাৰ দৰে কৰিছে ধৰণ
ঠৌ খেলা বতাহৰ মৰমৰ কোবত হালি- জালি
দাৱনীয়ে কাটিছে খিলখিল হাঁহিৰে মিলিজুলি
মূৰত ওৰণিৰে বৰকৈ শুৱণি লাগিছে
কেৰাহীকৈ চাই ডেকা চামৰ মন মুহিছে
মুঠি মুঠি ডাঙৰি বান্ধিছে সমনীয়া লগৰী
চিক্ মিক্ কপালৰ ঘাম জ্বলিছে উৰি উৰি
নৰাৰে পেঁপাটি বাজিছে দূৰণিৰ পৰাৰ
ৰাংঢালী ৰহদৈ- আঘোণী সাজু ভোগৰে বিহুৰ
আগলতি কলপাততে দিয়া জুতি লগা জলা
ৰসাল ৰবাব টেঙাৰে হৈছে পথাৰতে পাৰ্টিমেলা
মৰাণৰে চোতাল ভৰিছে ভঁৰাল বৰা- জহাৰ সুবাস
ধন্য কৃষক অন্নদানেৰে জীৱন কৰ উচ্চ শ্বাস- প্ৰশ্বাস ৷
অতি আগ্ৰহৰে সোনগুটি বুটলাৰ মৰমকণ
কেঁচা নিয়ৰ সনা মুকুতা যেন সুগন্ধিৰ সুবাস
কি সুন্দৰ চকুজৰুৱা চাৰিও ধাননী
আস ! আস !
পকে মানে টুনি- ফৰিঙৰ মৰণ- চৰণ
অধিক মাছত বগলী কণাৰ দৰে কৰিছে ধৰণ
ঠৌ খেলা বতাহৰ মৰমৰ কোবত হালি- জালি
দাৱনীয়ে কাটিছে খিলখিল হাঁহিৰে মিলিজুলি
মূৰত ওৰণিৰে বৰকৈ শুৱণি লাগিছে
কেৰাহীকৈ চাই ডেকা চামৰ মন মুহিছে
মুঠি মুঠি ডাঙৰি বান্ধিছে সমনীয়া লগৰী
চিক্ মিক্ কপালৰ ঘাম জ্বলিছে উৰি উৰি
নৰাৰে পেঁপাটি বাজিছে দূৰণিৰ পৰাৰ
ৰাংঢালী ৰহদৈ- আঘোণী সাজু ভোগৰে বিহুৰ
আগলতি কলপাততে দিয়া জুতি লগা জলা
ৰসাল ৰবাব টেঙাৰে হৈছে পথাৰতে পাৰ্টিমেলা
মৰাণৰে চোতাল ভৰিছে ভঁৰাল বৰা- জহাৰ সুবাস
ধন্য কৃষক অন্নদানেৰে জীৱন কৰ উচ্চ শ্বাস- প্ৰশ্বাস ৷







