নিয়ৰ (মাধুৰ্য্য বৰা)

এছাতি মলয়াই চুই যায় মোৰ কোমল হৃদয়,
মনত পৰেনে তোমাৰ সেই জোনাক নিশাবোৰ
কিমান যে তৰা গণিছিলো,
হাতিপতিৰ লগত ধেমালি কৰিছিলো
তুমি যে সোমাই আছিলা মোৰ বুকুত ।
মোৰ চকুযোৰি চলচলীয়া হৈ গৈছিল জানা তোমাক ইমান কাষত পাই
তোমাৰ দুচকুৰ মাজত হেৰাই গৈছিলো ৷
পাহৰি গৈছিলো
মোৰ হৃদয়ৰ বেদনা
মাথো তোমাক সাবটি ধৰিছিলো আপোন বুলি,
বৱকুৰ সমস্ত মৰম উজাৰি দিছিলো তোমাক,
তুমি দিয়া ৰঙা ৰূমাল খন
আজিও সজতনে থৈ দিছো ৷
তোমাৰ স্মৃতিৰ মাজত জীয়াই আছে মোৰ প্ৰেম ৷
তুমি আজি সুখী আপোনজনৰ লগত
মইও সুখী জানা তোমাৰ স্মৃতিৰ লগত ।