মোৰ জীৱনত মোৰ প্ৰেম চিৰ যুগমীয়া (গায়ত্ৰী শইকীয়া)

মেঘমল্লিকাৰ আঁৰে আঁৰে
শৰতৰ শৰদিন্দুয়ে হাঁহিছে ৷
জোনাকৰ দলিচাত জোনাকীৰ নাচোন দেখি,
মোৰ হিয়াখন কেনে কৰিছে জানা ?
দুৰু দুৰু কৈ কঁপিছে ৷
এবাৰ কাণপাতি শুনাচোন,
হাৰ্ট বিটবোৰ যে ঘন হৈ পৰিছে,
তোমালৈ মৰমবোৰ বাঢ়িব ধৰিছে ৷
কেনেদৰে জানা ?
গোপনে গোপনে কোনেও নজনাকে ৷

জানা,
আজিকালি মাজে মাজে
পাগলীৰ দৰে আচৰণ কৰো৷
উৰণীয়া পখিলা এজনীৰ দৰে উৰি ফুৰো
নিজৰ মাজতেই সপোন ৰঁচো ৷
সপোনবোৰতেই তোমাৰ সৈ'তে কথা পাতো
কি কথা জানা ?
মোৰ সৰু কলিজাখনৰ কথা
য'ত থুপ খাই আছে তোমালৈ ভালপোৱা ৷

আবতৰীয়া সেই বৰষুণজাক
সিদিনা ক'ৰ পৰানো আহিছিল,
তোমাৰ লগতে মোকো তিয়াইছিল।
সিদিনা মোৰ খৰালি হৃদয়ত
প্ৰেমৰ বাৰিষা নামিছিল ৷

তোমাৰ চকুৰ চঞ্চলতাক
মই সহ্য কৰিব নোৱাৰো ৷
তোমাৰ হাঁহিৰ মাদকতাক
মই নীৰৱে অনুভৱ কৰো
তোমাৰ হৃদয়ৰ স্পন্দনক
মই হৃদয়ঙ্গম কৰিব বিচাৰো
আৰু যে ক'ত আশা,
তুমি নজনাকৈয়ে তুমি নভবাকৈয়ে
তোমাৰ হৃদয়ৰ দোৱাৰত টুকুৰিয়াই ফুৰো ৷

এদিন আহিবা,
মুকলি আকাশৰ তলত বহি
সুদূৰৰ জোনবাইটোক চাম আমি ৷
এনে নালাগেনে জোনটো আমাৰ যুগান্তৰৰ চিনাকি
তোমাৰ হৃদয়খন চাম জুমি,
যাক মোৰ হৃদয়ত ৰাখিছো আৱৰি,
তাৰ হৃদয়ৰ কোনোবা কোণত
আছেনে মোৰ এখন সৰুকৈ ছবি ৷


জানা,,
আজিকালি প্ৰায়ে নষ্টালজিয়াত ভুগো
উজাগৰী নিশাবোৰো তোমাৰ সৈ'তে কথা পাতো
তোমাৰ হিয়াৰ ছাঁত এখন্তেক জিৰাব খোজো
এয়াই প্ৰেমৰ লাষ্ট ষ্টেজ হয়তো,
তোমাৰ হৃদয়ৰ লগত মোৰ হৃদয়ৰ তাঁৰৰ সংযোগ ৷

শুণাচোন,,
প্ৰেমৰ সেই বৰষুণজাকত তিতিবলৈ মোৰো মন যায়
তথাপি ভয় লাগে জানা,
যদিহে ঠুনুকা মোৰ হিয়াখন ভাগি যায়।
তোমাৰ অন্তৰৰ সৈ'তে
মোৰ অন্তৰৰ কানেকচন
বহু দিনীয়া,
সেয়ে মোৰ জীৱনত মোৰ প্ৰেম
চিৰ যুগমীয়া ৷

ঠিকনাঃ কমাৰগাওঁ (গোলাঘাট)