হেৰা, মোৰ অভিমানী মৰমী জনী
আছানে কুশলে তুমি ?
গাম্ভীজ্যতাৰ ডাৱৰে তোমাকো ধৰিছে নেকি ছানি ?
নে কংক্ৰিটৰ অৰণ্যত
নিজকে কৰিলা বিলিন ৷
তোমাৰ দৰে ৰাজ অট্টালিকাত নাথাকিলেও
আমাৰ পজাটো বয় সুখৰ বন্যা ।
সৰুৰে পৰা দেখি আহিছো
আইৰ সেই সেমেকা চকুহালি,
আৰু পিতাইৰ সেই
নাঙলৰ মুঠিত ধৰি ধৰি টান হোৱা হাতখন,
তোমাৰ লগত ফেৰ মাৰিবলৈ হ'লে হয়তো
অতিক্ৰম কৰিব লাগিব মই এই সকলোবোৰ ।
হে কংক্ৰিট অৰণ্যৰ ৰাণীজনী……
তুমিনো কেনেকৈ বুজিবা
এসাঁজ ভাতৰ মূল্য
যি সাঁজৰ বাবে আমি কৰিব লাগে
প্ৰতিপলে সংগ্ৰাম ৷
তোমালোকৰ কংক্ৰিট অৰণ্যত বৰষিব পাৰে
টকা পইচাৰ বৰষুণ…
কিন্তু আমাৰ পজাত
সদায় বৰষে সুখৰ বন্যা।
দুসাঁজ লঘোনে থাকিলেও শেষ নহয়
আমাৰ মাজৰ ভালপোৱা।
সেয়েহে হে কংক্ৰিট ৰাণী………
তুমি মোলৈ নাহো বুলি নক'বা,
গাম্ভীজ্যতাৰে ৰাখিব নোৱাৰিলেও
ৰাখিব পাৰিম সুখীকৈ ৷
আছানে কুশলে তুমি ?
গাম্ভীজ্যতাৰ ডাৱৰে তোমাকো ধৰিছে নেকি ছানি ?
নে কংক্ৰিটৰ অৰণ্যত
নিজকে কৰিলা বিলিন ৷
তোমাৰ দৰে ৰাজ অট্টালিকাত নাথাকিলেও
আমাৰ পজাটো বয় সুখৰ বন্যা ।
সৰুৰে পৰা দেখি আহিছো
আইৰ সেই সেমেকা চকুহালি,
আৰু পিতাইৰ সেই
নাঙলৰ মুঠিত ধৰি ধৰি টান হোৱা হাতখন,
তোমাৰ লগত ফেৰ মাৰিবলৈ হ'লে হয়তো
অতিক্ৰম কৰিব লাগিব মই এই সকলোবোৰ ।
হে কংক্ৰিট অৰণ্যৰ ৰাণীজনী……
তুমিনো কেনেকৈ বুজিবা
এসাঁজ ভাতৰ মূল্য
যি সাঁজৰ বাবে আমি কৰিব লাগে
প্ৰতিপলে সংগ্ৰাম ৷
তোমালোকৰ কংক্ৰিট অৰণ্যত বৰষিব পাৰে
টকা পইচাৰ বৰষুণ…
কিন্তু আমাৰ পজাত
সদায় বৰষে সুখৰ বন্যা।
দুসাঁজ লঘোনে থাকিলেও শেষ নহয়
আমাৰ মাজৰ ভালপোৱা।
সেয়েহে হে কংক্ৰিট ৰাণী………
তুমি মোলৈ নাহো বুলি নক'বা,
গাম্ভীজ্যতাৰে ৰাখিব নোৱাৰিলেও
ৰাখিব পাৰিম সুখীকৈ ৷







