অসহ্যকৰ পৃথিৱী (ছলমান কুৰছিদ)

উস ! কি অসহ্যকৰ আজিৰ পৃথিৱী
বন্দুকৰ শব্দৰে আকাশ ঝংকাৰিত
বতাহত উৰি ফুৰিছে চৌদিশে
মানুহৰ কেঁচা তেজৰ গোন্ধ
কলীয়া ডাৱৰ হৈ ছানি ধৰিছে শ্মশানৰ ধোঁৱাই
মানুহে পৰস্পৰে পৰস্পৰৰ সৈ'তে খেলিছে
তেজৰ ফাকু
নিজস্ব ধৰ্ম কিম্বা জাতিক প্ৰতিপন্নৰ স্বাৰ্থত দোহাৰিছে
আকৌ কাৰবালা আৰু মহাভাৰতৰ যুদ্ধ
ৰাতিবোৰে কটাইছে
উজাগৰী নাৰীৰ বিকট চিঞৰত আৰু ক্ৰন্দনত
আন্ধাৰ কি দিনৰ পোহৰত কামনাসিক্ত নৰপিশাচে
কাঢ়িছে নাৰীৰ সতীত্ব
আৰু কতনা নাৰীয়ে কঢ়িয়াই লৈ ফুৰিছে
অবৈধ সন্তানৰ বোজা
ৰাজনীতিকৰ হাতোৰাত কতনা নিৱনুৱাই কৰিছে
আশাবোৰ  চূৰ্ণ- বিচূৰ্ণ
আৰু হৈছে দুখীয়া নিপীড়িত শোষণ
শিশুৱে এমুঠি খাদ্যৰ সন্ধানত
হেৰাইছে সিহঁতৰ শৈশৱৰ মধুৰ সপোন
আজিৰ পৃথিৱীৰ এই বীভৎস ৰূপত
কঁপিছে মন্দিৰ কিম্বা মছজিদ
মন্দিৰৰ ঘণ্টাৰ শব্দ কি
মছজিদৰ আজান আজি নিৰ্লিপ্ত
চৌদিশৰ বন্দুকৰ শব্দৰ ঝংকাৰ আৰু মৃত্যুৰ কোলাহলত
ফলত প্ৰচণ্ড মেঘৰ গৰ্জনত
আজিৰ আকাশে চৌদিশে
নমাইছে কেৱল তেজৰ বৰষুণ ৷