অপূৰ্ণ আশা (স্বপ্নালী শইকীয়া)

সেই সময়বোৰে এতিয়া মাথো কুহেলিকা,
যি সময়ত শিপাইছিল
কিছু অপূৰ্ণ আশা,
কিছু পূৰ্ণ হোৱাৰ সম্ভাৱনা ৷
এতিয়া এটি মাত্র হাবিয়াস,
তেওঁৰ শেতেলিয়েদি মোৰ শেতেলিলৈ
উজাই আহক,
দুখ- বেজাৰ পৃথিৱীৰ সমস্ত বোজা ৷
ফুটো- নুফুটো মোৰ দুটি ওঁঠৰ হাঁহিটি,
জিলিকি উঠক তেওঁৰ দুটি ওঁঠত
যেন এজাক ৰ'দালি ৷
তেওঁ হৈ ৰওক ঘোৰ অৰণ্যৰ মাজত
এটি হিমশীতল নিজৰা,
যাৰ দৰ্শনত পিয়াহে সমাপ্তি পাব
জাক জাক ভাগৰুৱাৰ ৷
সেই নিজৰাৰেই শেলুৱৈ ধৰা শিলবোৰৰ ৰঙেৰে
সেউজপ্রাপ্ত হওক তেওঁৰ বুকুৰ উপত্যকা,
এনেকৈয়ে সান্তনাৰ সাগৰত বিলীন হওক মোৰ
দুদোল্যমান অপূৰ্ণ আশা ৷

ঠিকনাঃ যোৰহাট, মেলেং গায়ন গাওঁ