গধুৰ শিল এটুকুৰা বান্ধি দিলা কলিজাত
ক্লান্ত মই
দুভৰি কঁপিছে
সন্মুখৰ পথ হেৰাব খুজিছে
তথাপি নীৰৱে ৰৈছো
স্মৃতিবোৰ আলফুলে সাবটিছো
বুকু ফাটি ওলাব দিব বিচৰা নাই কলিজা
বিষাদৰ মজিয়াত বহি সুখ পান কৰিছো
নামানে হৃদয়ে
ফাটি চিৰি যাব খোজে বুকু
প্ৰতিশ্ৰুতিবোৰ প্ৰতাৰণা হ'ল
মৰমবোৰ ভঙা দাপোন
মূল্যহীন
আজি কৈছা,
তুমি আগুৱাই যোৱা বহু দূৰলৈ
হয়তো ভগৱানক প্ৰাৰ্থনা কৰিছা ৷
মোৰ ভাল হওক বুলি
কিন্তু,
কিন্তুবোৰ থাকিবলৈ দিয়া
এটি মধুৰ সম্পৰ্ক ভাঙি যায়
এই কিন্তুবোৰতে...
ভবা নাছিলো মই..
মোৰ পথত তুমি পথ বন্ধৰ চাইনবৰ্ড লগাবা
দুভৰি কঁপিছে
আগুৱাব নোৱাৰো আজি
তুমি যে কলিজাত বান্ধি দিলা
সেই গধুৰ শিলটুকুৰা ৷
ক্লান্ত মই
দুভৰি কঁপিছে
সন্মুখৰ পথ হেৰাব খুজিছে
তথাপি নীৰৱে ৰৈছো
স্মৃতিবোৰ আলফুলে সাবটিছো
বুকু ফাটি ওলাব দিব বিচৰা নাই কলিজা
বিষাদৰ মজিয়াত বহি সুখ পান কৰিছো
নামানে হৃদয়ে
ফাটি চিৰি যাব খোজে বুকু
প্ৰতিশ্ৰুতিবোৰ প্ৰতাৰণা হ'ল
মৰমবোৰ ভঙা দাপোন
মূল্যহীন
আজি কৈছা,
তুমি আগুৱাই যোৱা বহু দূৰলৈ
হয়তো ভগৱানক প্ৰাৰ্থনা কৰিছা ৷
মোৰ ভাল হওক বুলি
কিন্তু,
কিন্তুবোৰ থাকিবলৈ দিয়া
এটি মধুৰ সম্পৰ্ক ভাঙি যায়
এই কিন্তুবোৰতে...
ভবা নাছিলো মই..
মোৰ পথত তুমি পথ বন্ধৰ চাইনবৰ্ড লগাবা
দুভৰি কঁপিছে
আগুৱাব নোৱাৰো আজি
তুমি যে কলিজাত বান্ধি দিলা
সেই গধুৰ শিলটুকুৰা ৷







