ভালপোৱাবোৰক আপুনি ভালপোৱাৰ দৰেই সজাই লৈছো,
আপুনি মোৰ ভালপোৱাবোৰক গুৰুত্ব নিদিব
মোৰ ভালপোৱাবোৰৰ মূল্য নাই,
মই আপোনাৰ ভালপোৱাবোৰকে সাবটি লৈছো
মোৰ ভালপোৱাবোৰে ঢুকি নোপোৱাকৈ,
আপোনাৰ ভালপোৱাক
সীমাহীন দূৰত্বত আঁকি থৈছো ৷
আপুনি চিন্তা নকৰিব
মোৰ ভাললগাবোৰক মই গুৰুত্ব নিদিও,
আপোনাৰ ভাললগাবোৰকে মই সজাই লম
মোৰ দুচকুত,
আপোনাৰ ভাললগাবোৰৰ হাতত হাত ধৰি
চকু মুদি আগুৱাই যাম আপোনাৰ পৃথিৱীলৈ ৷
তাত মোৰ ভাল লগাবোৰক ঠাই নিদিও
হয়তো আপুনিও বিচাৰিব ঠাই নিদিয়াটো,
সেইবাবে মোৰ পৃথিৱীখনতে এৰি থৈ যাম
মোৰ ভাললগা আৰু ভালপোৱাবোৰক ৷
মোৰ নো কি ?
আপুনিতো সুখী হ'ব
মই আপোনাৰ ভালপোৱাতে হেৰাই যাম,
আৰু মোৰ ভাললগা খিনিক
স্মৃতি কৰি লম জীৱনৰ ৷
আপুনি মোৰ ভালপোৱাবোৰক গুৰুত্ব নিদিব
মোৰ ভালপোৱাবোৰৰ মূল্য নাই,
মই আপোনাৰ ভালপোৱাবোৰকে সাবটি লৈছো
মোৰ ভালপোৱাবোৰে ঢুকি নোপোৱাকৈ,
আপোনাৰ ভালপোৱাক
সীমাহীন দূৰত্বত আঁকি থৈছো ৷
আপুনি চিন্তা নকৰিব
মোৰ ভাললগাবোৰক মই গুৰুত্ব নিদিও,
আপোনাৰ ভাললগাবোৰকে মই সজাই লম
মোৰ দুচকুত,
আপোনাৰ ভাললগাবোৰৰ হাতত হাত ধৰি
চকু মুদি আগুৱাই যাম আপোনাৰ পৃথিৱীলৈ ৷
তাত মোৰ ভাল লগাবোৰক ঠাই নিদিও
হয়তো আপুনিও বিচাৰিব ঠাই নিদিয়াটো,
সেইবাবে মোৰ পৃথিৱীখনতে এৰি থৈ যাম
মোৰ ভাললগা আৰু ভালপোৱাবোৰক ৷
মোৰ নো কি ?
আপুনিতো সুখী হ'ব
মই আপোনাৰ ভালপোৱাতে হেৰাই যাম,
আৰু মোৰ ভাললগা খিনিক
স্মৃতি কৰি লম জীৱনৰ ৷







