শালিকী পুৱাৰ প্ৰথম সূৰুযে
স্বপ্নশ্ৰষ্টা দুচকুত সানিলেহি
প্ৰাৰ্চ্যুযতাৰ নিলিম ৰহণ,
এবুকু উশাহে প্ৰেমৰ ভাষাৰে
ক্ষন্তেকত হেৰুৱা আধৰুৱা জীৱন
দিলেহি প্ৰেমৰ নতুনত্ব অনুৰণন ।
তোমাৰ আগমনে জীৱন উজ্জ্বলালে
কণ্ঠত ওমলালে হেজাৰ পক্ষীৰ গান
সূললীত সুৰেৰে কুঁৱলীৰ ফাকেৰে
সন্ধ্যাৰ একাঁজলি জোনাক ।
কলুষিত ধূসৰ স্মৃতি পাহৰি
পুৱাৰ জিলিকা স্নিগ্ধা মুকুতা বুটলি
ৰাতি আন্ধাৰত ফুলা ৰজনীগন্ধা
মোৰ ন' প্ৰেমৰ সেউজীয়া দলিচা ।
স্বপ্ননীল আকাশত তৰাৰ অযুত খেলা
জোনাকী পৰুৱাই বিলাইছে পোহৰৰ মেলা
দুচকুত জন্মিছে স্বপ্নালী আভা
অনিৰ্ব্বাণ স্বপ্নৰ প্ৰেমৰ ভাষা ।
ঠিকনাঃ কাজিৰঙা মহাবিদ্যালয়
স্বপ্নশ্ৰষ্টা দুচকুত সানিলেহি
প্ৰাৰ্চ্যুযতাৰ নিলিম ৰহণ,
এবুকু উশাহে প্ৰেমৰ ভাষাৰে
ক্ষন্তেকত হেৰুৱা আধৰুৱা জীৱন
দিলেহি প্ৰেমৰ নতুনত্ব অনুৰণন ।
তোমাৰ আগমনে জীৱন উজ্জ্বলালে
কণ্ঠত ওমলালে হেজাৰ পক্ষীৰ গান
সূললীত সুৰেৰে কুঁৱলীৰ ফাকেৰে
সন্ধ্যাৰ একাঁজলি জোনাক ।
কলুষিত ধূসৰ স্মৃতি পাহৰি
পুৱাৰ জিলিকা স্নিগ্ধা মুকুতা বুটলি
ৰাতি আন্ধাৰত ফুলা ৰজনীগন্ধা
মোৰ ন' প্ৰেমৰ সেউজীয়া দলিচা ।
স্বপ্ননীল আকাশত তৰাৰ অযুত খেলা
জোনাকী পৰুৱাই বিলাইছে পোহৰৰ মেলা
দুচকুত জন্মিছে স্বপ্নালী আভা
অনিৰ্ব্বাণ স্বপ্নৰ প্ৰেমৰ ভাষা ।
ঠিকনাঃ কাজিৰঙা মহাবিদ্যালয়







