জীৱন সাগৰৰ পাৰত
অৱস্থিত মন উপকূল
গঢ় লৈ উঠিছে এখন চহৰ
নাম যাৰ 'সুখ' চহৰ ৷
মৰম, ভালপোৱা, হাঁহি- আনন্দৰে
গঢ়িছে ৰাজপ্ৰসাদ..
থাকিবনে আজীৱন স্থিৰে এই চহৰ ?
হঠাৎ আহিল
এছাতি তীব্ৰ বেগী বিপদৰ ধুমুহা
তচ্-নচ্ কৰিলে
মোৰ সুখৰ চহৰ !
দুখৰ ছোনামিয়ে বুৰাই দিলে নিমিষতে সকলো
থাকি গ'ল কেৱল
ক্ষত- বিক্ষত হৈ....
হাঁহি- আনন্দৰ টুকুৰা
তপত চকুলো হৈ !
এতিয়া নীৰৱ- নিতাল
মোৰ মন উপকূল...
আশাহীনভাৱে নিস্তব্ধ হৈ
আছে স্থিৰে
জোৱাৰ বিহীন জীৱন সাগৰৰ পাৰত ৷
দূৰভাষঃ ৯৫৭৭৪১৬৫৮৭







