আদিৰো সৃষ্টিত অসীম তুমি
অনন্ত যন্ত্ৰণা নীৰৱে জুমি
প্ৰতিদিন কৰি গৰ্ভস্থ যাতনা
প্ৰেমান্ধ সন্তানলৈ নিতৌ প্ৰাৰ্থনা
নৰক যাতনাত উজাগৰী কাতি হৈ পাৰ
স্বৰ্গীয় ঈশ্বৰৰ মহৎ প্ৰতিদান তোমাৰ
ভুমিস্থ সন্তানক দিয়া দুগ্ধদান
আজন্ম মৃত্যুৰে নহয় পৰিশোধ প্ৰদান
পলকতে কৰি দিয়া প্ৰশ্বাস- শৌচাগাৰ
কিদৰে সহিচা নীৰৱে অত্যাচাৰ
মমতাময়ী হৃদয়ত আছে নিস্বাৰ্থ মৰম অপাৰ
কিদৰে সিঁচি দিয়া আচলেৰে সেউজী পথাৰ
নিৰ্মম বেদনাত প্রেৰণাৰ প্ৰতীক তুমি
আসন্ন বিপদত শত্ৰুভেদী প্ৰতিৰক্ষা তুমি
লাঞ্ছনা- বাঞ্ছনাত অফুৰন্ত ক্ষমাশীল
অসীম ধৈৰ্যৰ তুমিয়ে মহান দয়াশীল
হাঁহি- কান্দোনৰ অপূৰ্ব সংজ্ঞা পাৰেনে দিব দান
মা মাথোঁ অনুভৱ নোৱাৰে দিব ব্যাখ্যা কোনো অভিধান
ঠিকনাঃ নলবাৰী
দূৰভাষঃ ৯৬১৩০৪১৯৮৫
অনন্ত যন্ত্ৰণা নীৰৱে জুমি
প্ৰতিদিন কৰি গৰ্ভস্থ যাতনা
প্ৰেমান্ধ সন্তানলৈ নিতৌ প্ৰাৰ্থনা
নৰক যাতনাত উজাগৰী কাতি হৈ পাৰ
স্বৰ্গীয় ঈশ্বৰৰ মহৎ প্ৰতিদান তোমাৰ
ভুমিস্থ সন্তানক দিয়া দুগ্ধদান
আজন্ম মৃত্যুৰে নহয় পৰিশোধ প্ৰদান
পলকতে কৰি দিয়া প্ৰশ্বাস- শৌচাগাৰ
কিদৰে সহিচা নীৰৱে অত্যাচাৰ
মমতাময়ী হৃদয়ত আছে নিস্বাৰ্থ মৰম অপাৰ
কিদৰে সিঁচি দিয়া আচলেৰে সেউজী পথাৰ
নিৰ্মম বেদনাত প্রেৰণাৰ প্ৰতীক তুমি
আসন্ন বিপদত শত্ৰুভেদী প্ৰতিৰক্ষা তুমি
লাঞ্ছনা- বাঞ্ছনাত অফুৰন্ত ক্ষমাশীল
অসীম ধৈৰ্যৰ তুমিয়ে মহান দয়াশীল
হাঁহি- কান্দোনৰ অপূৰ্ব সংজ্ঞা পাৰেনে দিব দান
মা মাথোঁ অনুভৱ নোৱাৰে দিব ব্যাখ্যা কোনো অভিধান
ঠিকনাঃ নলবাৰী
দূৰভাষঃ ৯৬১৩০৪১৯৮৫







