কওঁ বুলিলেই কথাবোৰ কবিতা হ'ব পাৰে নে
নে হওঁ বুলিয়েই সময়বোৰ বিৱস হ'ব পাৰে
হেবাং ৰঙা জিঁঞা এটি যেন
মেটেকা ফুলৰ ৰং চুমি এই উৰে এই উৰে
হেবাং ৰঙা জিঁঞা এটি যেন
মেটেকা ফুলৰ ৰং চুমি এই উৰে এই উৰে
কি লাগিছে গাত
ওলায় কি নোলায় মাত
বুকুৰ বাহিৰ ভিতৰ যে ইচাত বিচাত
ওলায় কি নোলায় মাত
বুকুৰ বাহিৰ ভিতৰ যে ইচাত বিচাত
কি লাগিছে গাত
জীৱন যেন না জল না থল অথিৰ অধীৰ
দোৰ্পতিয়ে নাচি থকা ভৰ দুপৰৰ তাঁত
জীৱন যেন না জল না থল অথিৰ অধীৰ
দোৰ্পতিয়ে নাচি থকা ভৰ দুপৰৰ তাঁত
এৰা
পলসুৱা সময়ৰ ৰসাস্বাদনত
পকা সুমথিৰাৰ ৰং ধৰে মুহূৰ্তবোৰে
সেলেঙি লগা আৱেগ একাঁজলি পি থৈ
এছাতি বতাহ বলে আলেঙে আলেঙে
পলসুৱা সময়ৰ ৰসাস্বাদনত
পকা সুমথিৰাৰ ৰং ধৰে মুহূৰ্তবোৰে
সেলেঙি লগা আৱেগ একাঁজলি পি থৈ
এছাতি বতাহ বলে আলেঙে আলেঙে
সঁহাৰি পোৱাৰ আশাৰে ৷
ঠিকনাঃ বোকাখাত
ঠিকনাঃ বোকাখাত







