মাথোঁ এবাৰ হাঁহি দিবা (বিচিত্ৰ নেওগ)

মাথোঁ এবাৰ হাঁহি দিবা
তোমাক এৰি যোৱাৰ আবেলিটোত
তোমাৰ হাঁহিত সজীৱ হৈ উঠিব
মৰহা ফুলৰ কলি,
তুমি নাহাঁহা বাবেই হয়তো
চিকমিকাই নুঠে
আকাশৰ তৰাৱলী,,
কিমান সুখ লাগিব
তুমি হাঁহিবলৈ ?
নে দুখবোৰে কাঢ়ি পেলাইছে
হাঁহি মাৰিব পৰা ক্ষণবোৰ !
বৰ জটিল জীৱনৰ পাঠ,
জটিলতাৰ মাজত বিচাৰি পোৱা টান
এটি হাঁহিৰ উৎস,
এদিন হাবাথুৰি খাইও বিফল হ'বা
কিছু পল হাঁহিৰ বাবে,
হাঁহিলে তোমাক ভাল লাগে !
সেয়ে কৈছো
পাৰিলে এবাৰ হাঁহি দিয়া
সেই হাঁহিতে জিলিকি উঠিব
তোমাৰ দুখৰ গভীৰতা
তোমাৰ আজন্ম প্ৰেমিকৰ দৃষ্টিত ।