আঘোণী বাই (মইনুল হক)

এনেকৈ বুকু উদং কৰিব বুলি জনা হ'লে
নকৰিলোহেঁতেন উৰ্বৰ যতন
তোমাক পকিবলে ৷
হৃদয়ৰ কোমল পিতনিত
প্ৰেমে ঠন ধৰে
সেই বুকুকে কাঁচিৰে ৰেপি
থান বান কৰে ।

আঘোণা কাইটি ঐ
অথচ, নাই মোৰ তিলমানো দুখ
তুমি কি বুজিবা
ক্ষুধা নিবাৰণত যে কি সুখ ৷

দূৰভাষঃ ৯৯৫৭৮৬০৮৮০