হেমন্তৰ আঁচলৰ আৰত লুকাই
কাতিৰ কুঁৱলীৰ ওৰণি ফালি
আঘোণ আহি আগচোতাল পালেহি ।
সেউজীয়া পথাৰখনৰো আছে
ৰং সনা সোণোৱালী আঘোণৰ স'তে গোপন বুজা বুজি ৷
আমাৰ অসম আকৌ সোণালী হ'ল
খেতিয়কৰ বহু প্ৰত্যাশিত বুকুৰ আপোন,
হিয়াৰ কুটুম
আঘোণে কঢ়িয়াই
আনিছে সুখৰ বতৰা ।
পুৱাৰ ফেঁহুজালি ফালি কৃষকে চপাব সোণগুটি
দাৱনীৰ হাতৰ মুঠিত
হাঁহি বিৰিঙিব
ডেকা -গাভৰুৰ উতনুৱা মনে
মৰমৰ মালা গাঠিঁব ৷
এই আঘোণেই সৃষ্টি কৰে
অলেখ অযুত গাণৰ কলি,
কবিৰ কবিতায়ো প্ৰাণ পাই
পকা ধানৰ সেন্দুৰীয়া আলিত বহি নকৈ হাঁহিব ৷
সুখৰ ধ্বজ্জা উৰুৱাই দাৱনীৰ হাতৰমুঠিৰে দাঙৰী বান্ধিব
ৰবাব, চোকা, কমলাৰ জুতিৰে
দেহৰ ভাগৰ আঁতৰাই সোণগুটি চপাব ৷
লাই, মূলা, হাঁহৰ জুতিৰে
সোণোৱালী পথাৰখনিয়ে পূৰ্ণতা পাব ৷
কণমানি হ'তৰো সুখৰ সংজ্ঞা ইয়াতেই বিচাৰি পাব ৷
লৱৰি ঢাপৰি ধান পাতৰ মৰমৰ আঁচোৰেৰে পথাৰ
শুৱনি কৰিব ।
সোণসেৰীয়া কৃষ্টিৰ টোপোলা
কৃষকৰ মূৰৰ ঘামৰ
টোপালত ওপজা
সোণগুটি
আহি ভঁৰালত সোমাব ৷
নকৈ এমুঠি খোৱাৰ হেঁপাহেৰে
আঘোণক আদৰি ল'ব।
লখিমীক ন সাজেৰে ভঁৰালত ভৰাই খেতিয়কে স্বস্তিৰ নিশ্বাস এৰিব ৷
কাতিৰ কুঁৱলীৰ ওৰণি ফালি
আঘোণ আহি আগচোতাল পালেহি ।
সেউজীয়া পথাৰখনৰো আছে
ৰং সনা সোণোৱালী আঘোণৰ স'তে গোপন বুজা বুজি ৷
আমাৰ অসম আকৌ সোণালী হ'ল
খেতিয়কৰ বহু প্ৰত্যাশিত বুকুৰ আপোন,
হিয়াৰ কুটুম
আঘোণে কঢ়িয়াই
আনিছে সুখৰ বতৰা ।
পুৱাৰ ফেঁহুজালি ফালি কৃষকে চপাব সোণগুটি
দাৱনীৰ হাতৰ মুঠিত
হাঁহি বিৰিঙিব
ডেকা -গাভৰুৰ উতনুৱা মনে
মৰমৰ মালা গাঠিঁব ৷
এই আঘোণেই সৃষ্টি কৰে
অলেখ অযুত গাণৰ কলি,
কবিৰ কবিতায়ো প্ৰাণ পাই
পকা ধানৰ সেন্দুৰীয়া আলিত বহি নকৈ হাঁহিব ৷
সুখৰ ধ্বজ্জা উৰুৱাই দাৱনীৰ হাতৰমুঠিৰে দাঙৰী বান্ধিব
ৰবাব, চোকা, কমলাৰ জুতিৰে
দেহৰ ভাগৰ আঁতৰাই সোণগুটি চপাব ৷
লাই, মূলা, হাঁহৰ জুতিৰে
সোণোৱালী পথাৰখনিয়ে পূৰ্ণতা পাব ৷
কণমানি হ'তৰো সুখৰ সংজ্ঞা ইয়াতেই বিচাৰি পাব ৷
লৱৰি ঢাপৰি ধান পাতৰ মৰমৰ আঁচোৰেৰে পথাৰ
শুৱনি কৰিব ।
সোণসেৰীয়া কৃষ্টিৰ টোপোলা
কৃষকৰ মূৰৰ ঘামৰ
টোপালত ওপজা
সোণগুটি
আহি ভঁৰালত সোমাব ৷
নকৈ এমুঠি খোৱাৰ হেঁপাহেৰে
আঘোণক আদৰি ল'ব।
লখিমীক ন সাজেৰে ভঁৰালত ভৰাই খেতিয়কে স্বস্তিৰ নিশ্বাস এৰিব ৷







