জীয়াই আছো
জীয়াই থাকিব লাগে বাবে জীয়াই আছো
নতুবা অভিনয় কৰি আছো বুলি ক'ব পাৰে
কাৰণ, আপোনালোকৰ কোৱাৰ অধিকাৰ আছে
সেই অধিকাৰ ক'ৰ পৰা পালে,
তাক সোধাৰ অধিকাৰ হ'লে মোৰ নাই
সেয়া যদি মই বিচাৰো তেনেহ'লে মই পুৰুষ নহয়
সমালোচনাৰ তুলাচনীত তুলি মোক জোখা হ'ব
ধৰ্ষণ কৰা হ'ব মোৰ সেউজীয়া সপোনবোৰক
উলঙ্গ কৰি চোৱা হ'ব মোৰ অস্তিত্বক
লগে লগে হালধীয়া হৈ সৰি পৰাৰ উপক্ৰম হ'ব মোৰ উশাহ
সেইবাবেটো কৈছো মই জীয়াই আছো
সেয়া অভিনয় হওক নতুবা আন কিবা
সৌ সিদিনা কোৱা শুনিলো কোচাইৰ দোকানত
এইবাৰ হেনো খাহীৰ বজাৰ মন্দ
মানুহে খাহী মঙহ খোৱা বাদ দিলে
মানুহৰ মঙহ সহজতে পোৱা যায় তাতে আকৌ কিহৰ খাহী
চুগাৰ ফ্ৰি দেহত আমিবোৰ ভালেই হজম হ'ম
সেইবাবেইতো জীয়াই ৰাখিছে
কণা গোসাঁই
চাই আপঙৰ নিচাৰ দৰে !
দূৰভাষ: ৯৭০৬৮২৯১৫৭
জীয়াই থাকিব লাগে বাবে জীয়াই আছো
নতুবা অভিনয় কৰি আছো বুলি ক'ব পাৰে
কাৰণ, আপোনালোকৰ কোৱাৰ অধিকাৰ আছে
সেই অধিকাৰ ক'ৰ পৰা পালে,
তাক সোধাৰ অধিকাৰ হ'লে মোৰ নাই
সেয়া যদি মই বিচাৰো তেনেহ'লে মই পুৰুষ নহয়
সমালোচনাৰ তুলাচনীত তুলি মোক জোখা হ'ব
ধৰ্ষণ কৰা হ'ব মোৰ সেউজীয়া সপোনবোৰক
উলঙ্গ কৰি চোৱা হ'ব মোৰ অস্তিত্বক
লগে লগে হালধীয়া হৈ সৰি পৰাৰ উপক্ৰম হ'ব মোৰ উশাহ
সেইবাবেটো কৈছো মই জীয়াই আছো
সেয়া অভিনয় হওক নতুবা আন কিবা
সৌ সিদিনা কোৱা শুনিলো কোচাইৰ দোকানত
এইবাৰ হেনো খাহীৰ বজাৰ মন্দ
মানুহে খাহী মঙহ খোৱা বাদ দিলে
মানুহৰ মঙহ সহজতে পোৱা যায় তাতে আকৌ কিহৰ খাহী
চুগাৰ ফ্ৰি দেহত আমিবোৰ ভালেই হজম হ'ম
সেইবাবেইতো জীয়াই ৰাখিছে
কণা গোসাঁই
চাই আপঙৰ নিচাৰ দৰে !
দূৰভাষ: ৯৭০৬৮২৯১৫৭







