মা, তই যে সেই ল'ৰালিতে
আঙুলিত ধৰি লিখিবলৈ শিকাইছিলি মোক.....
এক, দুই, অ, আ আদি
মনত আছেনে বাৰু তোৰ !
কৈছিলি যে ভালকৈ পঢ়
হ'ব লাগিব ডাক্টৰ ৷
পিতাই, তই যে লৈ গৈছিলি মোক
চাইকেলত বহুৱাই পঢ়াশালিলৈ...
কিমান সপোনে অগা -দেৱা কৰিছিল বাৰু
তোৰ দুচকুত !
সেই যে হেঁপাহেৰে বিলাইছিলি বুট -কলবোৰ...
মোৰ সমনীয়াবোৰক.....
সিহঁতৰ হাঁহিবোৰক আশীষ বুলি লৈছিলি চাগে তই...।
কি যে কৰা নাছিলি মোৰ বাবে তহঁতি....
এফালে তোৰ ফিচিকা বনিয়ন...
আৰু আনফালে আইৰ....।
তাৰ পাছতো মোৰ বাবে
কেনেকৈ সাঁচ বাৰু পইচা....!!!
মোৰ বাবেই,
মোক পঢ়ুৱাবলৈ....
মানুহ কৰিবলৈ........।
নামঘৰে- মন্দিৰে আইৰ সেৱা উপৰি সেৱা....
কিজানিবা মিলেই চাকৰি এটা....
দানৰ বাবেইতো বিকি দিলি
মৰমৰ গাইজনী....।
গোহালিটো এতিয়া তেনেই উদং...
কিন্তু,
মোৰ চাকৰিটোও আজিলৈ নহ'ল....।
তই যে সোণৰ মণি দান দি
শৰাই- বন্তি দি অৰ্চনা কৰা ভগৱান....
আৰু নুপূজিবি বুজিছ.....
ভগৱানেও আজিকালি দুৰ্নীতি কৰে বৰকৈ......
বিশ্বাস হেৰাল মোৰ একেবাৰে ৷
মাৰ্কশ্বিট- চাৰ্টিফিকেটবোৰ
তোৰ সেই পেৰাটোতে সামৰি থ'বি......
নুলিয়াও আৰু সেইবোৰ....
ভাগ্যত আমাৰ চাকৰি নাই....
টেট দিবলৈও বহুত কাৰবাৰ.....
নোৱাৰিম আমি আই.....
হাল- কোৰ লৈ খেতি খোলাতে ধৰিম বুজিছ...
টকা নাথাকিলে আজিকালি ডিগ্ৰীৰো কাম নাই... ৷
ঠিকনাঃ বোকাখাট ৷
আঙুলিত ধৰি লিখিবলৈ শিকাইছিলি মোক.....
এক, দুই, অ, আ আদি
মনত আছেনে বাৰু তোৰ !
কৈছিলি যে ভালকৈ পঢ়
হ'ব লাগিব ডাক্টৰ ৷
পিতাই, তই যে লৈ গৈছিলি মোক
চাইকেলত বহুৱাই পঢ়াশালিলৈ...
কিমান সপোনে অগা -দেৱা কৰিছিল বাৰু
তোৰ দুচকুত !
সেই যে হেঁপাহেৰে বিলাইছিলি বুট -কলবোৰ...
মোৰ সমনীয়াবোৰক.....
সিহঁতৰ হাঁহিবোৰক আশীষ বুলি লৈছিলি চাগে তই...।
কি যে কৰা নাছিলি মোৰ বাবে তহঁতি....
এফালে তোৰ ফিচিকা বনিয়ন...
আৰু আনফালে আইৰ....।
তাৰ পাছতো মোৰ বাবে
কেনেকৈ সাঁচ বাৰু পইচা....!!!
মোৰ বাবেই,
মোক পঢ়ুৱাবলৈ....
মানুহ কৰিবলৈ........।
নামঘৰে- মন্দিৰে আইৰ সেৱা উপৰি সেৱা....
কিজানিবা মিলেই চাকৰি এটা....
দানৰ বাবেইতো বিকি দিলি
মৰমৰ গাইজনী....।
গোহালিটো এতিয়া তেনেই উদং...
কিন্তু,
মোৰ চাকৰিটোও আজিলৈ নহ'ল....।
তই যে সোণৰ মণি দান দি
শৰাই- বন্তি দি অৰ্চনা কৰা ভগৱান....
আৰু নুপূজিবি বুজিছ.....
ভগৱানেও আজিকালি দুৰ্নীতি কৰে বৰকৈ......
বিশ্বাস হেৰাল মোৰ একেবাৰে ৷
মাৰ্কশ্বিট- চাৰ্টিফিকেটবোৰ
তোৰ সেই পেৰাটোতে সামৰি থ'বি......
নুলিয়াও আৰু সেইবোৰ....
ভাগ্যত আমাৰ চাকৰি নাই....
টেট দিবলৈও বহুত কাৰবাৰ.....
নোৱাৰিম আমি আই.....
হাল- কোৰ লৈ খেতি খোলাতে ধৰিম বুজিছ...
টকা নাথাকিলে আজিকালি ডিগ্ৰীৰো কাম নাই... ৷
ঠিকনাঃ বোকাখাট ৷







