স্বপ্ন (স্বপ্না দেৱী)

তোমাক খুচৰি খুচৰি
চোৱাৰ অভ্যাস এৰিবলৈ
মই ফেচবুক এৰিলো !
তুমি হয়টো নাজানা
এনেয়ে লিখা নাছিলো
মৰম বোৰ দেখোন
জংঘলী কচুৰ দৰে ।
আৰু লিখিছিলো
মনৰ একুৰিয়াম
স্বচ্ছ কৰিম বুলি
কিন্তু মই জানা
লিখিছোহে মাথো
কৰিব পৰা নাই ।
আগতে জনা হ'লে
পৰাধীনতাৰ শিকলি
তোমাক মেৰাই মেৰাই
বান্ধি থোৱা বুলি
নুখুজিলো হেঁতেন
বন্ধুত্ব দুহাত মেলি ।
কিয় কোৱা নাছিলা
তোমাৰ বাক স্বাধীনতা
নাই বুলি ?
চেষ্টাৰ অসাধ্য হেনো
একোৱেই নাই
মইও আছো তাকেই
বাট চাই ।

ঠিকনাঃ নলবাৰী