এবাৰ হাঁহি দিয়া ৰাধা (অংকুৰ বৰা)

ৰাধা কি অভিমানত
মোৰ কাষলৈ অহা নাই
বাঁহী সুৰেৰে মনৰ বৃন্দাবনত
প্ৰেমৰ পৰিৱেশ সজাইছো ৷

কি ভুলত মোৰ খংত
নদী ঘাটলৈয়ো অহা নাই
গৰুজাক লৈ
মই ৰৈ আছো
তোমালৈ বাট চাই
বেনু বজাই বজাই ।

ৰাধা
হাততে মাখন লৈ
মুখত হাঁহি বিৰিঙায়
আহা মোৰ কাষলৈ
যাওঁ আমি নদী ঘাটলৈ
তোমাৰ কোলাতে মোৰ থৈ
মনৰ কথা পাতিবলৈ ।

ৰাধা
খং অভিমান নকৰি
ঠেহ পাতি নাথাকিবা
ধেনুভিৰীয়া কৰ্দৈ জোপাই
ৰিঙিয়াই মাতিছে
হাতত কলচি লৈ
পানী তোলাৰ চলেৰে
আহা মোৰ কাষলৈ ।

ৰাধা
ষোল্লশ গোপী লগত
মই প্ৰেম কৰা নাই
মিছাতে মোক ভুল নুবুজিবা
গোপনে দৈ মাখন খাইছো
চুৰ বুলি নাভাবিৱা
এতিয়া ভুল ভাঙি
এবাৰ হাঁহি দিয়া ।