সন্ধিয়াৰ আকাশত অস্তমিত সুৰুযৰ
ৰূপালী কিৰণ,
প্ৰশমিত হয় আকাশত
তাৰ হেঙুলী আভা ।
ক্লান্ত অৱশ পোহৰৰ
ভাগৰুৱা পৃথিৱীত,
বাজি উঠে সন্ধিয়াৰ
বিশাল আকুলতা ৷
আন্ধাৰে গ্ৰাস কৰে
হৃদয়ৰ বিষন্নতা,
ক্ৰমাত বাঢ়ি আহে
সংগোপনে নিৰ্জনতা..
আন্ধাৰৰ সুযোগ লৈ
হৃদয়ে উচুপি কান্দে
আৰু অন্তৰে পাণ কৰে
কালৰাত্ৰিৰ ব্যাকুলতা ৷
ঠিকনাঃ শিৱসাগৰ ৷
ৰূপালী কিৰণ,
প্ৰশমিত হয় আকাশত
তাৰ হেঙুলী আভা ।
ক্লান্ত অৱশ পোহৰৰ
ভাগৰুৱা পৃথিৱীত,
বাজি উঠে সন্ধিয়াৰ
বিশাল আকুলতা ৷
আন্ধাৰে গ্ৰাস কৰে
হৃদয়ৰ বিষন্নতা,
ক্ৰমাত বাঢ়ি আহে
সংগোপনে নিৰ্জনতা..
আন্ধাৰৰ সুযোগ লৈ
হৃদয়ে উচুপি কান্দে
আৰু অন্তৰে পাণ কৰে
কালৰাত্ৰিৰ ব্যাকুলতা ৷
ঠিকনাঃ শিৱসাগৰ ৷







