তোমাৰ অন্তৰখন (সুস্মিতা বসুমতাৰী)

শিলৰ দৰে কঠিন তোমাৰ অন্তৰখন
গলাই মৰমৰ দৰে কোমল কৰিবলৈ
শক্তি মোৰ নাই !

কাৰণ মোৰ ৰূপো নাই গুণো নাই
আছে মাথোঁ কিছু অনুভৱ প্ৰস্তুতি
তাৰে কামনাৰে গৈছিলো আগুৱাই
তোমাৰ মৰম বিচাৰি !

কাষত গৈ দেখিলো এয়া
মৰম নহয় মাথোঁ
কিছু তোমাৰ অনুভূতি
যি অনুভূতিত ৰাখিছা তুমি
অজস্র বেদনা পালি !

সেইবাবে তোমাৰ অন্তৰখন
শিলৰ দৰে কঠিন
যাৰ বাবে মই মোৰ মৰমৰে
গলাব পৰা নাই !

ফোনঃ ৭০৩৫৩১৭১১৮