আজিৰ এগণ্ডা লিমাৰিক (তপন কুমাৰ নগঞা)

(এক)
কবিৰ পোছাক পিন্ধি তয়েই বেপাৰী ৷
পুৱাতেই পখালি তোৰ দাঁত দুপাৰী ৷
এনেকৈ কিমান দিন,
বজিব আচল বীন,
ভুলতেই দিলো তোক বৰপীৰা পাৰি ৷

(দুই)
উপকাৰিক অজগৰে খায় বুলি জানো ৷
তয়েই যে অজগৰ কেনেকৈনো মানো ৷
কিহৰ আকৰ তই,
গাড়ী তোৰ ক'ত ৰয়,
তোৰ কামৰ গতি দেখি বৰ চেলুট মাৰো ৷

(তিনি)
ভালেই হ'ল গ'ম পালো তোৰ মতি- গতি ৷
কিমান দিন চলিবি বাৰু কৰি লটি- ঘটি ৷
দিন গ'লে ৰাতি হ'ব,
জোন বেলি সাক্ষি ৰ'ব,
নহওক আমাৰ যেন তোৰ দৰে মতি ৷

(চাৰি)
তোৰ দৰে বন্ধু পায় বৰ দুখ পালো ৷
এনেইহে তোক মই ৰত্ন বুলি ল'লো ৷
চন পৰা মাটিডৰা,
জেং- জাবৰেৰে ভৰা,
মিছাতেই মটিডৰা বন্ধকত ল'লো ৷