সুখী মানুহৰ হৃদয়ত
সেউজীয়া ৰঙৰ আঁক- বাঁক
মোৰ হৃদয়ত
হালধীয়া সৰাপাত
সুখী মানুহে কেতিয়াও নাকান্দে
যদিওবা কেতিয়াবা কান্দে
সিহঁতৰ অশ্ৰুত নিমখ নাথাকে
নেদেখে সিহঁতে ৰাতিৰ জোনাক
সিহঁতৰ বুকুত ঘৰ নাবান্ধে
সাধুকথাৰ ৰাজকুঁৱৰীয়ে
সুখী মানুহেনো কি বুজিব
মোৰ আধা লিখা
দুখৰ কবিতা
বিঃ দ্ৰঃ -
"সুখী মানুহে যেন আৰু
পঢ়িব নোৱাৰে মোৰ
দুখৰ কবিতা !"
সেউজীয়া ৰঙৰ আঁক- বাঁক
মোৰ হৃদয়ত
হালধীয়া সৰাপাত
সুখী মানুহে কেতিয়াও নাকান্দে
যদিওবা কেতিয়াবা কান্দে
সিহঁতৰ অশ্ৰুত নিমখ নাথাকে
নেদেখে সিহঁতে ৰাতিৰ জোনাক
সিহঁতৰ বুকুত ঘৰ নাবান্ধে
সাধুকথাৰ ৰাজকুঁৱৰীয়ে
সুখী মানুহেনো কি বুজিব
মোৰ আধা লিখা
দুখৰ কবিতা
বিঃ দ্ৰঃ -
"সুখী মানুহে যেন আৰু
পঢ়িব নোৱাৰে মোৰ
দুখৰ কবিতা !"







