সৰাপাতৰ অনুভৱ (প্ৰসন্ন হাজৰিকা)

তোমাৰ মৰমৰ গোন্ধ আজি লুতুৰি-পুতুৰি
মোৰ কলিজাৰ কেঁচা তেজত
এদিন মই হেৰাই যাম,
অসীমত বিলীন হৈ যাব মোৰ স্মৃতি
তোমাৰ সাগৰ গভীৰ বুকুৰ পৰা
মোৰ ঠাইত হয়তো বেলেগ এজনে
ঠাই কৰি ল'ব...!
আৰু আজীৱন দুয়ো
এক হোৱাৰ হোৱাৰ প্ৰতিশ্ৰুতিৰে
মই নামৰ শব্দটো পাহৰি যাবা
পাহৰণিৰ গৰ্ভত মাজত থাকিব
মোৰ বুকুৰ মাজত পোৱা সেই
উমাল মৰম বোৰ !
তোমাৰ মৰম বোৰে মোৰ কেঁচা
কলিজাটোত বহুত গভীৰ ভাৱে
সাজ বহাই গ'ল..
বুজি নাপাওঁ কিয় আশাৰ বালিঘৰ
বিষাদৰ ঢৌৱে ভাঙি
তহচ নহচ কৰিলে!!!!!!
এৰি গ'ল মাথোঁ বিষাদৰ অশ্ৰুময় নদীখন..
মোৰ কলিজাৰ উপত্যকাত এতিয়া
নুফুলে খৰিকাজাই ৷

ঠিকনাঃ দেৰগাওঁ
যোগাযোগঃ ৯১০১৪৮৮৭৬৮