নিষিদ্ধ স্বপ্ন (গীতিকংকনা বৰা)

কেতিয়াবা তাই থকথককৈ কঁপিছিল জাৰত ৷
এমুঠি ভাতৰ বাবে আৰ্তনাদ,
এযোৰ কাপোৰৰ বাবে চিন্তা !
তাইৰ সপোন নাছিল কেতিয়াও
বিলাসী জীৱন এটা কটোৱাৰ,
বিচাৰিছিল মাত্ৰ সাধাৰণ হ'লেও
শৃংখলিত জীৱন এটা ৷
যৌৱনত ভৰি দিছিলহে মাত্ৰ,
তাই পলাই আহিছিল মুকুটৰ লগত,
সৰু সংসাৰখন বছোৱাৰ স্বাৰ্থত ৷

আজি সাতটা বছৰ পাৰ হ'ল ৷
লৰালৰিকৈ ঘূমটিখন সামৰিছে তাই,
আজিটো সিহঁতৰ বিবাহ বাৰ্ষিকী ৷
জীৱনৰ সাতটা বসন্ত তাইৰ সেওঁতাত জিলিকি আছে,
মুকুটৰ নামৰ সেন্দূৰকণ ।
নিঃসন্তান হ'লেও তাই সুখী মনৰ জোখাৰে ৷
হাজাৰ অভাৱেও কোঙা কৰিব নোৱাৰা এখন সংসাৰ ৷
এয়াই প্ৰাপ্তি তাইৰ বাবে
সাধাৰণ মানুহৰ অসাধাৰণ ভালপোৱা
শীতৰ আবেলিৰ সেমেকা বতাহজাকে
চুই গৈছিল তাইক ৷
ঘৰমূৱা হৈছিল তাই কোবাকোবিকৈ,
চিনাকী মুখখন চোৱাৰ আশাত ৷

ঠিকনাঃ স্নাতক তৃতীয় ষান্মাষিক
উত্তৰ লখিমপুৰ মহাবিদ্যালয় ৷