আন্ধাৰ নিবিড় (খিৰিঙপি দিম্পী)

মই যেতিয়া আন্ধাৰৰ প্ৰেমত পৰিছিলো
তেতিয়া তুমি কৈছিলা
আন্ধাৰ ভাল নাপাবা
আন্ধাৰৰ প্রিয় ৰং চকুপানী
ই মাথোঁ বিষাদ আৰু বেদনা জাপে...।
তুমি পোহৰ ভাল পাবলৈ শিকাইছিলা
পোহৰৰ প্ৰিয় ৰং হাঁহি
সেইবাবেই তুমি মোৰ হেঁপাহৰ
হাঁহিটিৰ বাবে অপেক্ষা কৰিছিলা ৷
কিয় জানো
কেতিয়াবা পোহৰতকৈ আন্ধাৰ মোৰ প্ৰিয় হয়
আন্ধাৰ যিমানেই নিবিড় নহওঁক
আন্ধাৰৰ কোনো খেদ নাই,
অহংকাৰ নাই
পোহৰ অহংকাৰী,
যি কেৱল পাব জানে,
হেৰুৱাব নাজানে
সেইকাৰণে কেতিয়াবা পোহৰেও
আন্ধাৰৰ ওচৰত ক্ষমা বিচাৰে.....।