শুভ্ৰ বৰফত তেজলগা কবিতা (মিলন শইকীয়া)

কি আছে সৈনিকৰ দেহত তেজত
বোধহয়
ত্যাগ
জাতীয় চেতনা
নিঃস্বাৰ্থ দেশপ্ৰেম

বুকুত বিশ্বাসৰ ধমনী
দিন ৰাতি একাকাৰ কৰি
আইৰ সেৱাত ব্ৰতী

ক'লা পতাকাৰ প্লাৱন কিম্বা
ইতিহাসৰ তেজলগা পংকিলময় বাট
সাহসেৰে নেওচি
প্ৰতিকূল পথৰ অবিচল মতত দৃঢ় পথিক
নিজক জলাঞ্জলি দিবলৈ তিলমানো কেৰেপ নকৰা
সিহঁতবোৰ দেশহিতৈষী একো একোটা সৈনিক

সিহঁতৰ বাবেই শ্মশানৰ সিপাৰে
ন উদ্যমেৰে ঠন ধৰি উঠে
ৰঙচঙীয়া গোলাপৰ বাগিছা
তিলমানো কুন্ঠাবোধ নকৰে সিহঁতবোৰে
নিখুঁত কৈ লিখিবলৈ
শুভ্ৰ বৰফৰ বুকুত তেজলগা কবিতা ।