তাই বেশ্যা নাছিল
সেয়ে উদং দুহাতেৰে
ঢাকিব খুজিছিল
তাইৰ কুসুমবুলীয়া অৱয়ব ৷
তাইৰ দুচকুৰে বাৰিষাৰ ঢল নামিছিল
চপৰা চপৰে খহিছিল
কুমাৰী বুকুৰ সপোন
পাৰে মানে চিঞৰিছিল…
এটি এটি কৈ
পাঁচোটি নৰপিশাচ
তাইৰ ওপৰত জপিয়াই পৰিছিল…
তাইৰ আৰ্তনাদে গলাব পৰা নাছিল
সিহঁতৰ পাষাণ হৃদয়।
তাই ভাগৰি পৰিছিল ৷
সিহঁতে খেলিছিল
তাইৰ সুকোমল উদং দেহত …
কঁহুৱা কোমল বক্ষত
গুজি দিছিল…
জলন্ত চিগাৰেট
আজুৰি আজুৰি চোৱাইছিল
শৰীৰৰ কেঁচা মঙহ
পাঁচোটা নৰপিশাচৰ অট্টহাস্যত
তল পৰিছিল
তাইৰ আৰ্তনাদ ।
কুমাৰীত্ব হেৰুৱাৰ যন্ত্ৰণাত
তাইৰ নিষ্ফল চিৎকাৰ ।
তাই বেশ্যা নহয় !
আত্ম পৰিচয়ৰ দুঃ চিন্তাত
তাইৰ অনন্ত যাত্ৰা… !!
ঠিকনাঃ ধিং
ভ্ৰাম্যঃ ৮৩৯৯৮১০৫৯৩
সেয়ে উদং দুহাতেৰে
ঢাকিব খুজিছিল
তাইৰ কুসুমবুলীয়া অৱয়ব ৷
তাইৰ দুচকুৰে বাৰিষাৰ ঢল নামিছিল
চপৰা চপৰে খহিছিল
কুমাৰী বুকুৰ সপোন
পাৰে মানে চিঞৰিছিল…
এটি এটি কৈ
পাঁচোটি নৰপিশাচ
তাইৰ ওপৰত জপিয়াই পৰিছিল…
তাইৰ আৰ্তনাদে গলাব পৰা নাছিল
সিহঁতৰ পাষাণ হৃদয়।
তাই ভাগৰি পৰিছিল ৷
সিহঁতে খেলিছিল
তাইৰ সুকোমল উদং দেহত …
কঁহুৱা কোমল বক্ষত
গুজি দিছিল…
জলন্ত চিগাৰেট
আজুৰি আজুৰি চোৱাইছিল
শৰীৰৰ কেঁচা মঙহ
পাঁচোটা নৰপিশাচৰ অট্টহাস্যত
তল পৰিছিল
তাইৰ আৰ্তনাদ ।
কুমাৰীত্ব হেৰুৱাৰ যন্ত্ৰণাত
তাইৰ নিষ্ফল চিৎকাৰ ।
তাই বেশ্যা নহয় !
আত্ম পৰিচয়ৰ দুঃ চিন্তাত
তাইৰ অনন্ত যাত্ৰা… !!
ঠিকনাঃ ধিং
ভ্ৰাম্যঃ ৮৩৯৯৮১০৫৯৩







