কোনো দিনে এৰা নাই তথাপি নিশ্চিত
এই পৃথিৱীতেই বহুত সুখ
এইখনেই শুৱনি গাওঁ
অনেক যাত্ৰীৰ ভীৰ দেখা পাওঁ
প্ৰেমৰ আশ্ৰয় আছে
আছে ইয়াতেই প্ৰকৃতিৰ এক ৰহস্য চেতনা ৷
ব্যৰ্থ হোৱা বুলি জানিও
তথাপি বিশ্বাস আছে
সুন্দৰ এই পৃথিৱীতেই মোৰ আশ্ৰয়
সকলোৱে জানে অশ্ৰুত অদ্যাপি
তথাপি স্বপ্নত বিভোৰ ৷
এই পৃথিৱীতেই আছে সভ্যতাৰ চানেকি
গণিকাৰ সংসৰ্গৰ দুষ্ট ব্যাধি ৷
কৰুণ বিননি শুনা যায়
তথাপি কোনো কাৰোৰ মাত নাই
হৃদয়ত লাজুকী আভৰণ
কিন্তু দেহত নাই সেই আভৰণ
পাষাণ বুকুৰ আৰ্বজনা
জীয়া ফুলেৰে গঁথা মালা
ভঙা আইনাখনত কোনেও মুখ নাচায়
স্মৃতিৰ বেদনা চিৰকাল ৰৈ যায়
কাৰণ,
এইখন পৃথিৱীতেই সিহঁতৰ আশ্ৰয় ৷
কোনোদিন এৰি যোৱা নাই তথাপি নিশ্চিত
এই পৃথিৱীতেই আছে বহুত সুখ ৷
নিষ্ঠুৰ অবিচাৰৰ পৰিণাম
প্ৰকৃতিৰ সতিত্ব সুৰক্ষিত
দৃশ্যমান সকলোতে অজ্ঞানৰ অন্ধকাৰ
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ
ইয়াতেই উদ্ভাসিত হয়
মোৰ সত্তাত মোৰ চেতনা
সেয়ে কওঁ এই পৃথিৱীয়েই মোৰ প্ৰকৃত আশ্ৰয় ৷
ঠিকনাঃ মঙ্গলদৈ দৰং
এই পৃথিৱীতেই বহুত সুখ
এইখনেই শুৱনি গাওঁ
অনেক যাত্ৰীৰ ভীৰ দেখা পাওঁ
প্ৰেমৰ আশ্ৰয় আছে
আছে ইয়াতেই প্ৰকৃতিৰ এক ৰহস্য চেতনা ৷
ব্যৰ্থ হোৱা বুলি জানিও
তথাপি বিশ্বাস আছে
সুন্দৰ এই পৃথিৱীতেই মোৰ আশ্ৰয়
সকলোৱে জানে অশ্ৰুত অদ্যাপি
তথাপি স্বপ্নত বিভোৰ ৷
এই পৃথিৱীতেই আছে সভ্যতাৰ চানেকি
গণিকাৰ সংসৰ্গৰ দুষ্ট ব্যাধি ৷
কৰুণ বিননি শুনা যায়
তথাপি কোনো কাৰোৰ মাত নাই
হৃদয়ত লাজুকী আভৰণ
কিন্তু দেহত নাই সেই আভৰণ
পাষাণ বুকুৰ আৰ্বজনা
জীয়া ফুলেৰে গঁথা মালা
ভঙা আইনাখনত কোনেও মুখ নাচায়
স্মৃতিৰ বেদনা চিৰকাল ৰৈ যায়
কাৰণ,
এইখন পৃথিৱীতেই সিহঁতৰ আশ্ৰয় ৷
কোনোদিন এৰি যোৱা নাই তথাপি নিশ্চিত
এই পৃথিৱীতেই আছে বহুত সুখ ৷
নিষ্ঠুৰ অবিচাৰৰ পৰিণাম
প্ৰকৃতিৰ সতিত্ব সুৰক্ষিত
দৃশ্যমান সকলোতে অজ্ঞানৰ অন্ধকাৰ
অনুভৱ হয় মুক্তিৰ বিপুল আনন্দ
ইয়াতেই উদ্ভাসিত হয়
মোৰ সত্তাত মোৰ চেতনা
সেয়ে কওঁ এই পৃথিৱীয়েই মোৰ প্ৰকৃত আশ্ৰয় ৷
ঠিকনাঃ মঙ্গলদৈ দৰং







