মই যদি মন্ত্ৰী হওঁ (অংকুৰ বৰা)

এওঁলোক কোন ?
শাওনৰ ৰোৱনী আঘোণৰ দাৱনীৰ
দোষ নুবুজা
ধোৱা খোৱা হাত দীঘল মানুহ
এইয়াই এওঁলোকৰ পৰিচয় ৷

দুচকুৰ কোনত বিন্দু বিন্দু নিয়ৰ কণা লৈ
যেতিয়া মোৰ পিতাইয়ে আইক কয়
বানে পথাৰখন ধুলে
খাৱলৈ খুদকনো নাই
ৰেছনৰ চাউল কেইটাও বোলে অহা নাই
তিনিটকীয়া চাউল কেইটা সাত টকা হ'ব এইবাৰ
কথাটো শুনি কেনেকৈ সহি থাকো উপায় নাই ।

গৰু গাই বান্ধি ফিকা চাহপানী এটুপি খায়
যেতিয়া পুথিখন মেলো
চাকিটো ভমকৈ নোমায় যায়
তাত দেখো কেৰাচিন নাই
ৰেচন কাৰ্ডখনৰ তেলকন দোকানীয়েহে পায়
কেনেকৈ কওঁ আইক
জনম লোৱাৰ পৰা বিজুলী বাটিৰ মুখ দেখা নাই ।

শোষণৰ ভৰত কোজা
মোৰ পিতাই দৰে অলেখ খেতিয়কক সুধিম
পথাৰৰ সেউজীয়া আৰু অৰণ্যৰ দোষবোৰ
কি কৰিলে মচিব পাৰিম
যদি মই মন্ত্ৰী হওঁ অসমৰ ।

ঘৰৰ চালেৰে
নিশা আকাশৰ তৰা গনি গনি সাৰে থকা
আইৰ ভঙা পজাটো নতুনকৈ সাজিম
লাগিলে খেৰৰে হওঁক।

শীতৰ ঠেঁটুৱৈ ধৰা জাৰতো
ফুটপাথত থকাবোৰক মানুুহৰ সংজ্ঞা দি বুজাম
নতুন ঘৰ এখনৰ সপোন দেখুৱাই ক'ম
সৌৱা চোৱা বুকুৰ কুটুম সন্তানবোৰ
চেনেহৰ আইৰ সৈতে
পঢ়াশালিলৈ গৈছে
মই যদি মন্ত্ৰী হওঁ ভাৰতৰ
শিশু শ্ৰমিকৰ অন্ত পেলাম ৷

মই যদি ৰাষ্ট্ৰপতি হওঁ ভাৰতৰ
মামৰে ধৰা সংবিধান খন
নতুনকৈ প্ৰণয়ন কৰিম
য'ত থাকিব নতুন দিগন্তৰ ঠিকনা
য'ত থাকিব উন্নতিৰ জখলা ৷

মই যদি কেতিয়াবা প্ৰকৃত মানুহ হওঁ
বৃদ্ধশ্ৰমৰ আই পিতাইৰ সন্তানবোৰক গোটাম
বিশাল ৰাজহুৱা সভা আয়োজন কৰি বুজাম
দহ মাহ দহ দিন গৰ্ভত থকা কাহিনী শুনাম
হয়তো চকুলো বাণী এষাৰি দি
কোনেও বিচাৰি নোপোৱা অজান দেশলৈ
মই গুচি যাম ।