কৃষ্ণচূড়াৰ ৰঙাবোৰে
কয় মোক
তোমাৰ কথা ৷
সজীৱ সজীৱ অনুভৱবোৰ
তাতে যেন উলমি আছে ৷
সৰি পৰা তৰাটোৱেও,
উকি মাৰি তোমাৰ কথা
কৈ গ'ল ৷
নৈ পৰীয়া বতাহজাক
হু হু কৈ বলিছে ৷
কাণে কাণে যেন কৈ গ'ল
তুমি ৰৈ আছা মোৰ বাবে
নৈ খনৰ ঠিক সিটোপাৰে ৷
জানানে তুমি,
কৃষ্ণচূড়াৰ পুলিটো
মোৰ সমান ওখ হ'ল,
তাৰ সেউজীয়াবোৰ
তোমাৰ দৰে হৈছে ৷
ৰঙা হৈ যেতিয়া প্ৰথমবাৰ ফুলিব
তুমি আহিব লাগিব ৷
আহিবানে ?
তুমি আহিবা নে ?
ঠিকনাঃ তেলগৰম, গোলাঘাট
কয় মোক
তোমাৰ কথা ৷
সজীৱ সজীৱ অনুভৱবোৰ
তাতে যেন উলমি আছে ৷
সৰি পৰা তৰাটোৱেও,
উকি মাৰি তোমাৰ কথা
কৈ গ'ল ৷
নৈ পৰীয়া বতাহজাক
হু হু কৈ বলিছে ৷
কাণে কাণে যেন কৈ গ'ল
তুমি ৰৈ আছা মোৰ বাবে
নৈ খনৰ ঠিক সিটোপাৰে ৷
জানানে তুমি,
কৃষ্ণচূড়াৰ পুলিটো
মোৰ সমান ওখ হ'ল,
তাৰ সেউজীয়াবোৰ
তোমাৰ দৰে হৈছে ৷
ৰঙা হৈ যেতিয়া প্ৰথমবাৰ ফুলিব
তুমি আহিব লাগিব ৷
আহিবানে ?
তুমি আহিবা নে ?
ঠিকনাঃ তেলগৰম, গোলাঘাট







