তোমাক স্বাগতম (মৃণাল কুমাৰ বৰা)

হে সত্যম শিৱম সুন্দৰম
তোমাক স্বাগতম
আঁ‌হা
উজ্জ্বলাই তোলা
প্ৰতিজন মানৱৰ মণিকোঠা
সুৰ তাল লয়েৰে সংগীতময় কৰা
অন্তৰ্মুখী চেতনাৰ তৰংগ
অন্তঃৰুহত উপলব্ধি কৰোৱা
প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্য
ব্যক্তিকেন্দ্ৰিকতা পৰিত্যাগি
ৰোপন কৰা সঁ‌চা আন্তৰিকতা
ভক্তিৰ থাপনাত প্ৰাণময় কৰা
নিত্য নৈমিত্তিক কৰ্ম ৷

তোমাৰ আগমনত স্বচ্ছল হ'ব
প্ৰতিটো দিন আৰু ৰাতিৰ মসৃণ পথ
প্ৰতি মুহূৰ্তত উদযাপিত হয়
জীয়া- জীৱনৰ সোণালী মহোৎসৱ ৷

ফোনঃ ৯৮৬৪১৩৬৭০০