মই ভবা নাছিলো
এদিন এনে অৱস্থাত
উপনীত হম বুলি ৷
যত তুমি আৰু মই
সাগৰৰ ইটো পাৰে
আৰু সিটো পাৰে ৷
বুকুখন আজি বৰকৈ বিষাব ধৰিছে
বুকুখনৰ ওচৰতে লাগি থকা
হৃদয়খনত হয়তো
লাহে লাহে ঘূণে ধৰিব লৈছে ৷
তুমি আঁতৰি যোৱাৰ পিছৰ পৰাই
মই নিঃসংগতাৰ
এটি বিকলাংগ পক্ষী
পাহৰিব খুজিও আজি
মই বাৰে বাৰে বিফল হৈছো,
তুমি মোৰ হৃদয়ৰ
এক আঁৱৰণ স্বৰূপ আছিলা সেইবাবে হয়তো ৷
তোমাৰ অনুপস্থিতিত
বিচাৰি ফুৰো মই অতীতত
হেৰুৱাৰ প্ৰীতমৰ মাজত
তুমি দি যোৱা
অলেখ সপোনৰ
মধুৰতম স্মৃতি ৷
কেতিয়াবা মোৰ অনুভৱ হয়
মই কৰা সকলোখিনি
যেন ভুল আছিল,
কিন্তু মই কৰা ভুলটো
বাৰে বাৰে বিচাৰিও
দেখোন একোকে নাপাওঁ ৷
এটা উত্তৰবিহীন প্ৰশ্নই
মোক বাৰে বাৰে
আমনি কৰে সদায়
সঁচাই মোৰ কি ভুল আছিল,
কি ভুলৰ বাবে
আজি মই এনে ভুক্ত ভুগি ৷
এদিন এনে অৱস্থাত
উপনীত হম বুলি ৷
যত তুমি আৰু মই
সাগৰৰ ইটো পাৰে
আৰু সিটো পাৰে ৷
বুকুখন আজি বৰকৈ বিষাব ধৰিছে
বুকুখনৰ ওচৰতে লাগি থকা
হৃদয়খনত হয়তো
লাহে লাহে ঘূণে ধৰিব লৈছে ৷
তুমি আঁতৰি যোৱাৰ পিছৰ পৰাই
মই নিঃসংগতাৰ
এটি বিকলাংগ পক্ষী
পাহৰিব খুজিও আজি
মই বাৰে বাৰে বিফল হৈছো,
তুমি মোৰ হৃদয়ৰ
এক আঁৱৰণ স্বৰূপ আছিলা সেইবাবে হয়তো ৷
তোমাৰ অনুপস্থিতিত
বিচাৰি ফুৰো মই অতীতত
হেৰুৱাৰ প্ৰীতমৰ মাজত
তুমি দি যোৱা
অলেখ সপোনৰ
মধুৰতম স্মৃতি ৷
কেতিয়াবা মোৰ অনুভৱ হয়
মই কৰা সকলোখিনি
যেন ভুল আছিল,
কিন্তু মই কৰা ভুলটো
বাৰে বাৰে বিচাৰিও
দেখোন একোকে নাপাওঁ ৷
এটা উত্তৰবিহীন প্ৰশ্নই
মোক বাৰে বাৰে
আমনি কৰে সদায়
সঁচাই মোৰ কি ভুল আছিল,
কি ভুলৰ বাবে
আজি মই এনে ভুক্ত ভুগি ৷







