শৰত শৰত লগা প্ৰাক ক্ষণত যেন ৰিব ৰিব মলয়াৰ বতাহছাতিয়ে কঢ়িয়াই আনে এক উৎসৱ মুখৰ পৰিৱেশ, যেন পোহৰৰ শোভাষত জগত আলোকিত কৰা সময় জোনাকৰ পোহৰত জগতক চোৱাৰ বতৰ ! হয় আমাৰে অসমীয়াৰ পৰম্পৰাগত জাতীয় জীৱনৰ এক উল্লেখ যোগ্য সংস্কৃতি পথাৰ খনৰ মূল সমল কাতি বিহুৰ তথা কঙালী বিহু কথা কৈছো !
অসমীয়া সংস্কৃতি পথাৰ খনত অসমীয়া জাতীয় জীৱনত এই কাতি বিহু অবিহনে যেন এক বুজি নোপোৱা সাঁথৰ ! বিশেষকৈ আমাৰ অতি শ্ৰদ্ধাৰ কৃষক বন্ধু সকলৰ কৃষি কাৰ্য্য লগত সংগতি থকা এই উৎসৱ মূলত ধান খেতি লগত জড়িত !
অসমৰ জাতীয় উৎসৱেই হৈছে বিহু । বিহু তিনিপ্ৰকাৰ, ব'হাগ বিহু, মাঘ বিহু আৰু কাতি বিহু ৷ পৰম্পৰাগত মাধ্যমেৰে অসমীয়া জাতীয় উৎসৱ বিহু তিনিটি পালন কৰা হয় যদিও বৰ্তমান সময়ত কাতি বিহু লুপ্ত হ'বলৈ ধৰিছে যেন অনুভৱ হয় ? ইয়াৰ কাৰণবোৰ কি ? সকলোৱে এবাৰ নিজকে প্ৰশ্ন কৰি চাওকচোন ! আমিবোৰ পাশ্চাত্য ৰীতি নীতিৰ পিনে ঢাল খাই পৰিছো ৷ যিমানেই আমি পাশ্চাত্যৰ পিনে অগ্ৰসৰ নহওঁ কিয় আমি আমাৰ বিহুটি আমাৰ হাতৰ পৰা এৰি দিব নালাগে ! কিন্তু বৰ্তমান সমাজত পাশ্চাত্য উৎসৱসমূহ বেছিকৈ প্ৰচলিত হৈ বিহু যে অসমৰ জাতীয় উৎসৱ সেইটো পাহৰি গৈছে । বিহু অবিহনে অসমীয়া অসমীয়া হ'ব নোৱাৰে !
আমি দিপাৱলী ও পালন কৰিব লাগিব আৰু দূৰ্গা পূজা ও পালন কৰিব লাগিব কিন্তু কাতি বিহু বিশেষকৈ পালন কৰিব লাগিব ! কাৰণ কৃষি অবিহনে আমাৰ জীৱন নিৰৰ্থক !
দূৰ্গা পূজা বা দেৱালীৰ নামত আমি বহুত টকা পইচা খৰচ কৰো ! কিন্তু কাতি বিহুৰ নামত এগচি দ্বীপ জ্বলাবলৈ ইতস্থত কৰো ৷ গতিকে আমি অসমীয়া হৈ নিজৰ কৰ্তব্য বোৰ কৰি যোৱাৰ উচিত । অসমীয়া হৈ নিজৰ প্ৰাণৰ বিহুটিক সদায় উচ্চ স্থান দিয়া উচিত ।
ধন্যবাদেৰে-








