আমিষঃ
নিৰামিষঃ
কচু আৰু টেঙামৰা পাত দি বনোৱা মাছৰ টেঙা জোল
উপকৰণঃ
মাছ- ৫/৬ টুকুৰা
কচু- ১ টা
আলু- ১ টা
বিলাহী- ২ টা
টেঙামৰা পাত- ১ মুঠি
কেঁচা জলকীয়া- ২ টা
ধনীয়া পাত- ২ মুঠি
পাঁচ ফোৰন- অকণমান
চেনী- অকণমান
নেমু- ১/২ চামুচ (প্ৰয়োজন অনুপাতে)
নিমখ, হালধি, তেল- জোখ অনুপাতে ।
প্ৰণালীঃ
প্ৰথমে এটা কুকাৰত কচু আৰু আলু সিজাই ল'ব ৷ মাছ কেইটুকুৰা ধুই নিমখ, হালধি সানি ফ্ৰাই কৰি ল'ব । টেঙামৰা পাত আৰু বিলাহী কুটি ল'ব । এতিয়া এখন কেৰাহিত তেল দি পাঁচ ফোৰন দিব ৷ লগত অকণমান চেনী দি বিলাহী আৰু টেঙামৰা পাতখিনি দি অলপমান ভাজি লৈ বয়ল কৰি লোৱা কচু আৰু আলু খিনি দি নিমখ, হালধি দি কেঁচা জলকীয়া ফালি দি ভালদৰে ল'ৰাই দিব । পাচলি খিনি ভাঁজ খোৱা পিছত পানী দি লগত মাছ কেইটুকুৰা দি ভালদৰে উতলিবলৈ দিয়ক । পিছত অকণমান নেমু চেপি কেঁচা ধনীয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক ।
নিৰামিষঃ
টেঙামৰা পাতৰ চাটনি
উপকৰণঃ
টেঙামৰা পাত- ১ মুঠিত কৈ অলপ কম ল'ব ৷
পিয়াজ- ১ টা
বিলাহী- ১ টা
কেঁচা জলকীয়া- ৩/৩ টা
সৰিয়হ- ১ চামুচ (সৰু চামুচেৰে )
নিমখ- জোখ অনুপাতে
হালধি- জোখ অনুপাতে
চেনী-১ চামুচ
মিঠা তেল- ১ চামুচ
প্ৰণালীঃ
টেঙামৰা পাত খিনি ধুই কুটি ল'ব ৷ পিঁয়াজ, বিলাহী কাটি, কেঁচা জলকীয়া ল'ব ৷
কেৰাহিত তেল দি সৰিয়হ দিব লগত কুটি লোৱা টেঙামৰা পাত, বিলাহী, পিঁয়াজ, কেঁচা জলকীয়া, নিমখ, হালধি সকলোবোৰ বস্তু দি অকণমান সময় ভাজি ল'ব ৷
এতিয়া মিক্সিত সকলোবোৰ বস্তু দি লগত চেনী অকণমান দি পেষ্ট কৰি ল'ব ৷ লগত অকণমান মিঠা তেল দিব । হৈ গ'ল ৰেদি টেঙা মিঠা টেঙামৰা পাতৰ চাটনি ৷









