সমাগত শাৰদীয় দুৰ্গোৎসৱ । সেয়ে আজি মই ক'ব বিচাৰিছো পূজা বিষয়ক এটি বিশেষ অনুভৱ ৷ আজিৰ দৰে মূৰ্তি স্থাপন কৰাৰ পৰিৱৰ্তে প্ৰথমে ঘট স্থাপনেৰে দেৱীক সন্তুষ্ট কৰিব বিচৰা ডিগবৈৰ এখনি বহু পুৰণি পূজাৰ কথা । শুনামতে এশ বছৰ গৰকা সেইভাগ পূজা । যি জন ব্যক্তিৰ তত্তাৱধানত পূজা ভাগ আৰম্ভ হৈছিল তেওঁ বৰ্তমান এই সংসাৰত অনুপস্থিত । তেওঁৰ পৰিয়াল বৰ্গ নাতি পুতি আৰু ওচৰ চুবুৰীয়া বয়োজ্যেষ্ঠ সকলৰ পৰা আমিবোৰে শুনা কথা । কোম্পানি এলেকাৰ ছাউনিৰ পূজা গতিকে ওচৰ চুবুৰীয়া লোকৰ পৰিচালনাতেই পূজা ভাগ হৈ অহা দেখিছিলো ।কোনোবা যদি যায় কোনোবাই দায়িত্ব লয় তেনেকৈয়ে হৈ আছিল । কিন্তু লাহে লাহে কোম্পানিৰ বদলি কৰণৰ প্ৰক্ৰিয়াত বহুত কোৱাটাৰ খালী হৈ ওচৰ পাজৰৰ মানুহ সেৰেঙা হ'ল । তেনেতে পূজাৰো দিন চমু চাপি আহিছিল । ইমান পুৰণি পূজা তাতে আকৌ বহুতৰ বিশ্বাসৰ বীজ ৰোপণ হোৱা পূজা ভাগ নকৰিলেও মনে নামানে সেই ভাবিয়েই ওচৰৰ পাঁচ ছয় গৰাকীমান মহিলাই আলোচনা কৰি ঠিৰাং কৰিলে যে যেনে তেনে কৰি তেওঁলোকেই এইবাৰ পূজা ভাগ পাতিব । অনুমানিক ২০০৯, ২০১০ চন মানৰ কথা । সেয়াই আৰম্ভণি । ডিগবৈত প্ৰথম মহিলাৰ দ্বাৰা দুৰ্গোৎসৱ । প্ৰত্যেকেই নিজৰ ঘৰখনৰ পৰিয়ালৰ আউল মাৰি মানুহৰ ঘৰে ঘৰে ডোকানে বজাৰে ঘূৰি বৰঙণি সংগ্ৰহ কৰি সকলো সুকলমে হোৱাৰ চিন্তাত দিন ৰাতি নাযায় নোপোৱাই । কিন্তু দেৱীৰ কৃপা দৃষ্টিত প্ৰতিবছৰেই সূচাৰুপে সকলো হৈছিল । লগতে নিজেই বাস্তৱৰ সন্মুখীন হৈ আগতে যি কোনো অনুস্থান অথবা উৎসৱ পাৰ্বনলৈ বুলি মানুহৰ ঘৰে ঘৰে বৰঙণি বিচাৰি অহা ব্যক্তিসকললৈ বুলি গজালি মেলা ঋণাত্মক ভাব ধাৰাও সলনি হৈছিল আৰু এতিয়া ভাবিয়েই ভাল লাগে একালত মইও তেওঁলোকৰ মাজৰ এজনী আছিলো । অনাগত দিনবোৰতো পূজা ভাগ সুকলমে হৈ যোৱাৰ নিমিত্তে দেৱীয়ে কেউগৰাকী মহিলাকে শাৰীৰিক মানসিক শক্তি প্ৰদান কৰি উৎসাহেৰে আগুৱাই নিব সেয়ে কামনা ।
পৰিস্থিতিৰ তাগিদাত মই আজি নিলগত তথাপিও ভগৱান নিৰ্বিকাৰ এটি মাথো শিলাখণ্ড এই বাক্যষাৰক মিছা প্ৰমাণ কৰি বিশ্বাসক উভটাই দিয়াৰ বাবে চিৰদিন কৰি যাম প্ৰণিপাত ৷
ঠিকনাঃ চিৰাং








