অনুৰাগ,
ওপৰত মৰমৰ বুলি নকলোৱে যেনিবা তুমি সদায় মোৰ মৰমৰ, মোৰ প্ৰাণৰ ঈশ্বৰ ৷ তুমিতো জানাই তোমাৰ বাবে মোৰ প্ৰাণ কিমান ব্যাকুল ৷ তোমাতেই মোৰ ভাললগা, ভালপোৱা সকলো হেঁচি- ঠেলি সোমোৱাই থৈছো ৷ মোৰ মানস মন্দিৰত সদায় তোমাক দেৱতাৰ আসন দি পূজিছো ৷ হাতৰ তলুৱাত হৃদয়খন লৈ, চাদৰৰ আঁচলত মৰম,শ্ৰদ্ধাবোৰ গাঁঠি মাৰি থৈছো কেনিও ক'তো হেৰাই যাব নোৱাৰাকৈ, যাৰ অধিকাৰী কেৱল তুমি ৷ সকলোৱে কয় "এই সংসাৰত অকলে আহিছো যেতিয়া অকলেই যামগৈ কেতিয়াও কাৰো সংগ নিবিচাৰিবা ৷"এই যুক্তিৰ দোহাই দি কিমান জনে অকলে সময় পাৰ কৰিছে মই নাজানো ৷ কিন্তু মোক সংগ লাগে অনুৰাগ, মাথো তোমাৰ ৷ জোনাক সৰা ৰাতিত নিয়ৰ সনা দূবৰিত বহোতে মোক তোমাৰ প্ৰয়োজন হয় অকলে অকলে কথা পতাতকৈ আপোনজন লগত থাকিলে কোনো কথা নাপাতিলেও সময়বোৰ স্বপ্নময়ী হৈ উঠে ৷
সময়বোৰ সহজভাৱেই পাৰ হৈ যায়, দিনবোৰ জ্বলি জ্বলি ৰাতি হয়, ৰাতি গলি গলি দিন হয় ৷ দিন, সপ্তাহ, মাহ, বছৰ সকলোবোৰ সময়ৰ বুকুত জাঁহ যায় ৷ ৰাতি যেতিয়া সকলোবোৰ ব্যস্ততা সামৰি বিচনাৰ বুকুত গধুৰ হৃদয়খন এৰি দিওঁ তেতিয়াই অলপ সময় সুকীয়াকৈ নিজৰ কথা ভাবো ৷ লগৰবোৰে যেতিয়া মোবাইল ফোনটো লৈ নিজৰ প্ৰিয়জনক সৈতে ব্যস্ত হৈ পৰে, মোৰো তোমাক পাবলৈ প্ৰাণ আৰু উন্মাদ হৈ উঠে ৷ তোমাৰ অপেক্ষাত কাতৰ হৈ আছো ৷ সজাগ হৈ আছো মোৰ মন পদূলিৰ জপনাখন কেৰেককৈ খোল খোৱা শব্দটি শুনিবলৈ ৷ তুমিয়ে কোৱা বুকুৰ ঘৰখন জানো অকলে সজাব পাৰিম ?
তোমাৰ লগত কথা পাতিবৰ মন গ'লেই হাতত কাগজ লৈ আখৰৰ পাখিত ভৰ দি তোমাৰ কাষ চাপোগৈ ৷ হাবিজাবি কথাৰে কাকতৰ পাত ভৰাও ৷ চিঠিখন ক'ত পোষ্ট কৰিম অনুৰাগ ৷ মই যে তোমাৰ একোৱে ঠিকনা নাজানো ৷ কোনো কথা নাই, এনেদৰেই লিখি যাম, মোৰ মনৰ বাকচ ভৰাম ৷ সোণাৰু সৰা কোনোবা এটি গধূলি বেলাত হাতত ৰঙা এপাহ গোলাপ লৈ মোৰ আহিবা মই ৰৈ থকা পথলৈ ৷ তেতিয়াই মোৰ হিয়াৰ আকুলতাৰে ভৰা পত্ৰবোৰ তোমাৰ হাতত গুজি দিম ৷ বুজি উঠিবা যে তোমাক পোৱাৰ আগৰে পৰাই, দেখাৰ আগৰে পৰাই তোমাক কিমান হিয়াঢালি ভাল পাওঁ ৷
শেষত মোৰ ভালপোৱা, শ্ৰদ্ধা, শুভেচ্ছা ল'বা ৷ মোৰ সমস্ত আৱেগ তোমাৰ চৰণত সঁপি দিলো ৷
ইতি
তোমাৰে "অনুৰাধা"
ঠিকনাঃ মৰিগাওঁ (দন্দুৱা)








