মই জীয়াই থাকিম (ধর্মেন্দ্র ডেকা)

মই জীয়াই থাকিম
বহুত পালো কষ্ট, দুখ জীৱনত
কিন্তু মই জীয়াই থাকিম,
মই কাপুৰুষ নহয়
নহয় কোনো ভয়াটোৰ
মই তেওঁলোকৰ বাবে জীয়াই থাকিম
যিয়ে মোক এই পৃথিৱীখন দেখালে
যিয়ে মোক ডাঙৰ দীঘল কৰিলে,
যিয়ে মোক জীৱনৰ সমস্ত ত্যাগ কৰি
আগুৱাই যাব শিকালে
যিয়ে মোক এই সমাজখনৰ লগত
সংগ্রাম কৰিব সাহস দিলে
যাৰ ওচৰত মই চিৰঋণী ।
মৃত্যুৱেই জানো সকলো সমস্যাৰ শেষ উপায় ?
নাই কেতিয়াও নহয় ।
মই নোৱাৰো আত্মহত্যাৰ পথ বাছিলৈ
আপোনবোৰক বিৰহৰ সাগৰত ঠেলিব,
নোৱাৰো মা- দেউতা আশাত চেঁচাপানী ঢালিব,
কেতিয়াওঁ নোৱাৰো ।
মই জীয়াই থাকিম,
আগুৱাই যাম নিৰন্তৰে,
আহক বাধা ।
সকলো বাধা নেউচি কেৱল আগবাঢ়ি যাম
হাঁহি- আনন্দেৰে উপচাই পেলাম
আপোনবোৰৰ মুখ মণ্ডল,
কন্দুৱাম সেই বিচ্ছেদৰ
নায়ক- নায়িকাক,
সেইবাবেই মই জীয়াই থাকিম,
মই জীয়াই থাকিব লাগিব।
সিহঁতক প্রতিটো বিচ্ছেদৰ উত্তৰ দি যাম
প্রতি পলে
অনুভৱ কৰাম বিচ্ছেদৰ অর্থ
কেতিয়াও ভাগৰি নপৰো মোৰ জীৱন যুদ্ধত
লেবেজান হৈ যাম
কিন্তু
আত্মহত্যা নকৰো
কাৰণ,
মই কাপুৰুষ নহয় ৷

দূৰভাষঃ ৯৯৫৪৫১৮৩৪৩