মাজ নিশা চাকিটো নজলাবি আই,
ভাইটিয়ে সাৰ পাই কান্দিব পিতাইক নেদেখি আই !
ভাত আৰু একাঁহী বাঢ়ি থব নালাগে আই !
পিতাই আজি ঘূৰি আহিব জানো আই !
তই কান্দি নাথাকিবি আই !
শুই থাক আই বিচনাত পৰি
পানীৰ ঘটিটো বিচনাৰ কাষতে থৈছো আনি,
আই হাত খন মেলিলে পাবি ঢুকি !
কান্দি নাথাকিবি আই পিতাই অহা নাই বুলি ।
ককাইদেউ লৈ আকৌ কিয় মনত পেলাইছনো আই,
দহ বছৰে হ'ল সি আহিব জানো ঘূৰি ,
পিতাও টো ককাইদেউক বিচাৰি গৈ নহা হ'ল ঘূৰি !
চোতালত বহি কান্দি থাকিলে আহিব জানো ঘুৰি !
ভাইটি অকলে আছে বিচনাত পৰি,
আঠুৱা টো লগালো আই !!
ভাইটিয়ে কান্দিছে তই অহা নাই বুলি আই !
তইয়ো আছোন বাৰু আই ?
ভাইটিৰ লগতে থাকহি পৰি !
দুবছৰৰ ভাইটিয়ে কিনো জানিছে
তই কিয় কান্দি আছ আই ৷
মাজ নিশা চাকিটো নজলাবি আই,
ভাইটিয়ে সাৰ পাই কান্দিব পিতাইক নেদেখি আই ৷
ভাইটিয়ে সাৰ পাই কান্দিব পিতাইক নেদেখি আই !
ভাত আৰু একাঁহী বাঢ়ি থব নালাগে আই !
পিতাই আজি ঘূৰি আহিব জানো আই !
তই কান্দি নাথাকিবি আই !
শুই থাক আই বিচনাত পৰি
পানীৰ ঘটিটো বিচনাৰ কাষতে থৈছো আনি,
আই হাত খন মেলিলে পাবি ঢুকি !
কান্দি নাথাকিবি আই পিতাই অহা নাই বুলি ।
ককাইদেউ লৈ আকৌ কিয় মনত পেলাইছনো আই,
দহ বছৰে হ'ল সি আহিব জানো ঘূৰি ,
পিতাও টো ককাইদেউক বিচাৰি গৈ নহা হ'ল ঘূৰি !
চোতালত বহি কান্দি থাকিলে আহিব জানো ঘুৰি !
ভাইটি অকলে আছে বিচনাত পৰি,
আঠুৱা টো লগালো আই !!
ভাইটিয়ে কান্দিছে তই অহা নাই বুলি আই !
তইয়ো আছোন বাৰু আই ?
ভাইটিৰ লগতে থাকহি পৰি !
দুবছৰৰ ভাইটিয়ে কিনো জানিছে
তই কিয় কান্দি আছ আই ৷
মাজ নিশা চাকিটো নজলাবি আই,
ভাইটিয়ে সাৰ পাই কান্দিব পিতাইক নেদেখি আই ৷








