জোনাকী হেৰুৱা ৰাতিটোত
তোমাক সুধিবৰ মন যায়
'কি আছে তোমাৰ দূচকুত?'
সপোন !
মোৰো আছিল
এতিয়া নাই.....!
ওখহা দুচকুত এতিয়া
নীৰৱতাৰ আধিপাত্য,
আৰু অ'ত ত'ত দুই এখিলা সৰাপাত,
য'ত লিখা আছে
জোনাকীটোৱে বাট হেৰুৱাৰ উপাখ্যান !
ঢলং- পলং মন আৰু
নীৰৱ হৃদয়.....
প্ৰলয়ৰ আগৰ নীৰৱতা,
ক'তা মদতো খোৱা নাছিলো আজি ৷
সেয়া আকৌ এটা জোনাকী হেৰাল....... ৷
দূৰভাষঃ ৮৪৮৬৮৫৪৩৩৮
তোমাক সুধিবৰ মন যায়
'কি আছে তোমাৰ দূচকুত?'
সপোন !
মোৰো আছিল
এতিয়া নাই.....!
ওখহা দুচকুত এতিয়া
নীৰৱতাৰ আধিপাত্য,
আৰু অ'ত ত'ত দুই এখিলা সৰাপাত,
য'ত লিখা আছে
জোনাকীটোৱে বাট হেৰুৱাৰ উপাখ্যান !
ঢলং- পলং মন আৰু
নীৰৱ হৃদয়.....
প্ৰলয়ৰ আগৰ নীৰৱতা,
ক'তা মদতো খোৱা নাছিলো আজি ৷
সেয়া আকৌ এটা জোনাকী হেৰাল....... ৷
দূৰভাষঃ ৮৪৮৬৮৫৪৩৩৮








