এবাৰ আমাৰ গাওঁলৈ অাহিবি (কৃষ্ণ ৰয়)

এবাৰ অামাৰ গাওঁলৈ অাহিবি
তোমাক কাতৰে নিমন্ত্ৰণ

ঢেকীয়া শাকৰ লগত
ঢেকীত খুন্দা চাউলৰ ভাত খুৱাম ।
নষ্টালজিক হৈ পৰিবি
কেঁচা অালি পদূলিত
কেচুৰ ফিচিঙালি দেখি ৷
তাতেই অাকৌ বোকাপানী
এবাৰ খোজকাঢ়ি চাবি ।

অামাৰ গাওঁলৈ অাহিবি
কুঁৱাৰ চেঁচাপানীত
এবাৰ কপি কপি গা ধুই চাবি
তামোল ঢকুৱাৰ অাঁৰত লুকাই
উদং দেহা দেখি,
ভয় লাজ মুঠেই নাখাবি ।

অাহিবি অামাৰ গাওঁলৈ
বাৰিষাৰ সেউজীয়াই ঢকা,
শাওনৰ খহনীয়া চাম ।
জোনাক বুটলিম শৰত,
অঘোণৰ নৰানিৰ মাজেৰে
কালদিয়াৰ সিপাৰলৈ যাম ।
ধূলিয়ৰি বাটেৰে অামাৰ গাওঁলৈ
ফাগুন অাহে,
সৰাপাত গছকি অাবিৰ সানে ।
বসন্ত কুলিৰ মাতেৰেই অাহে ।
এবাৰ অামাৰ গাওঁলৈ অাহিবি
তোমাক কাতৰে নিমন্ত্ৰণ ।

দূৰভাষঃ ৯৮৬৪৫৭৩৭৭